লামডিং ৰেল ষ্টেছনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজনক আটক। লামডিঙ ৰেলৱে ষ্টেচনত হিৰ’ইনসহ লোক দুজনক আটক কৰে আৰক্ষীয়ে।
লামডিঙ জি আৰ পিয়ে ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত তালাচী চলোৱাৰ সময়তে ধৰা পৰে এই বৃহৎ পৰিমানৰ ড্ৰাগছ সহ লোক দুজন। লোকদুজনৰ পৰিচয় চবিৰ লস্কৰ আৰু তাজউদ্দিনৰ আলী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দুই যুৱকৰ পৰা উদ্ধাৰ কৰা হিৰ’ইনৰ পৰিমান
৩৮.৮৮ গ্ৰাম বুলি প্ৰকাশ। কন্টেনাৰৰ ভিতৰত আনিছিল ড্ৰাগছ খিনি।
আটকাধীন দুজন সৰবৰাহ কৰি হল চবিৰ লস্কৰ আৰু তাজউদ্দিনৰ আলীক সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
লামডিং ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ
ড্ৰাগছৰ লগতে সৰবৰাহ কৰা দুজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
