ৰাজ্য প্ৰশাসনে ড্ৰাগছ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে সৰবৰাহকাৰী সকলে নতুন নতুন কৌশলেৰে ড্ৰগছৰ সৰবৰাহ চলাই গৈছে। শেহতীয়াকৈ ৰেলৰ যোগেদি ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷আজি পুনৰ লামডিং ৰেলৱে ষ্টেচনত বৃহৎ পৰিমানৰ হেৰোইন জব্দ কৰে।
১৫৬৭০ নম্বৰ ডিব্ৰুগড় পৰা গুৱাহাটী নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছ যোগে কঢ়িয়াই অনা ড্ৰাগছ ধৰা পৰে লামডিং ষ্টেচনত। ৰেলৱে আৰক্ষীয়ে প্লেটফৰ্ম নম্বৰ ৪ পৰা উদ্ধাৰ কৰে ১৭৩.৩৯গ্ৰাম হেৰোইন উদ্ধাৰ কৰে ।
১৫৬৭০ ৰেল খনৰ স্লীপাৰ ক’ৰ্চৰ S3 দবাটোত তালাচী চলাই ১০ টা চাবুনৰ কেছত উদ্ধাৰ কৰে ড্ৰাগছ খিনি। ৰেল আৰক্ষী, গৃহৰক্ষী জোৱান দেৱজিত হাজৰিকা আৰু সমুদ্ৰ বৰা দুয়োজনে মিলি বৃহৎ পৰিমানৰ হেৰোইন খিনি উদ্ধাৰ কৰে ৷
উদ্ধাৰ হোৱা হেৰোইন খিনিৰ বজাৰৰ মূল্য ২৬ লাখ টকাৰ অধিক বুলি জানিবলৈ দিয়ে ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে এজনকো আটক কৰিবলৈ সক্ষম নহ’ল ৷