দক্ষিণ শালমাৰা আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা মনিচৰৰ গাওঁত অভিযান চলাই আব্দুল বিল্লাল হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী যোৱা নিশা আটক কৰিবলৈ সক্ষম হয়।দীৰ্ঘদিনী ধৰি মনিচৰৰত নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই আৰক্ষীৰ চকুত ধুলি দি আহিছিল বিল্লালে।

তেওঁক আটক কৰাৰ পিছত বিল্লাক শোধ পোচ চলাই আজি ৰাতিপুৱা দক্ষিণ শালমাৰাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল চন্দ্ৰ ৰায় প্ৰধানীৰ নেতৃত্বত টুমনী বৰাইকান্দি গাওঁৰ পৰা মিনাজুল হকৰ ঘৰত অভিযান চলাই Nitrasen আৰু SP টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নব নিয়ুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিত মিনাজুলক তেওঁৰ ঘৰতে অধিক তথ্যৰ বাবে সোধা পোছা চলাইছে।


উল্লেখ্য যে অতুল চন্দ্ৰ ৰায় প্ৰধানীৰ নেতৃত্বত দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আছে আৰু কেবাজনো সৰবৰাহকাৰী আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে ড্ৰাগছ মুক্ত দক্ষিণ শালমাৰা গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply