নগাঁও : নগাঁও চহৰৰ সমীপৰ ফাঁচী ৰোডৰ ড্ৰাগছ ঘাটি ৰূপে হিচাপে চিহ্নিত এলেকাত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই দুগৰাকী মহিলা সহ বুজন পৰিমাণৰ নিসিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।
ড্ৰাগছৰ নগৰী ৰূপে পৰিচিত ফাঁচী ৰোডত অবৈধভাবে ৰেলৱে মাটি বেদখল কৰি বহ বাস কৰা লোক সকলে ঘৰতে দীৰ্ঘদিনে ড্ৰাগছৰ ঘাটি পাতি ৰমৰমীয়া ব্যবসায় চলাই থকাৰ কথা জানিব পাৰি নগাঁও আৰক্ষীয়ে আজি অভিযান চলাই।
পূৰ্বেও নগাঁও আৰক্ষীয়ে উক্ত অঞ্চলটোত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে মহিলা সহ কেইবাটাওঁ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।
সেই লোক সকলে জামিনত মুক্তি লাভ কৰি পুনৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ পৰে। বৰ্তমান পুৰুষ সকলে বিভিন্ন কৌশল অৱলম্বন কৰি মহিলা সকলক আগবঢ়াই দি এই ব্যৱসায় চলাই আহিছে ।
আৰক্ষীৰ দলে ফাঁচীৰোডৰ আকিৰা বেগম আৰু ছাহিদা খাতুন নামৰ দুগৰাকী মহিলাৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফ ছিৰাপ উদ্ধাৰ কৰে। আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে আকিৰা আৰু ছাহিদাই শৌচাগাৰৰ টেংকি আৰু মাটিত তলত গাঁত খান্দি নিচাজাতীয় সামগ্ৰীখিনি লুকুৱাই থৈছিল।
আজি আৰক্ষীয়ে আটক কৰা আকিৰাৰ মাতৃ আৰু স্বামী দুয়োগৰাকীক ইয়াৰ পূৰ্বে ড্ৰাগছ ব্যৱসায়ৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল। আকিৰাৰ পৰা আৰক্ষীয়ে এটা এয়াৰ গানো উদ্ধাৰ কৰিছে। আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বে ফাঁচীৰোডৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ছফিকুৰ ওৰফে ছফিকে পলায়ন কৰা বুলি জানিব পৰা গৈছে।
আজিৰ অভিযানত আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনি অতি কৌশলেৰে টয়লেটৰ টেংকত মজুদ ৰাখিছিল ব্যৱসায়ীয়ে।
অঞ্চলটোত সঘনাই ড্ৰাগছ উদ্ধাৰৰ ক্ষেত্ৰত চকিটুপ আঞ্চলিক ভি ডি পি সমিতিৰ লোকে সঠিক ভাবে আৰক্ষীক সহযোগ নকৰাত ভিডিপি নায়কক অন কেমেৰাত সকিয়নী দিয়াৰ লগতে তেওঁলোকৰ ভুমিকা সন্দেহ জনক বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।
লগতে পঢ়ক নাৰায়নপুৰত ব্ৰইলাৰ মুৰ্গীৰ ব্যবসায় কৰাৰ বাবেই এঘৰীয়া