নগাঁৱত ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া মুনচুৰ আলী । শুকুৰবাৰে মুনচুৰ আলীৰ ঘৰত অভিযান চলাইছিল নগাঁও আৰক্ষীৰ এটা দলে । নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু মানস শইকীয়াৰ নেতৃত্বত হেৰাপট্টিৰ মুনচুৰ আলীৰ ঘৰত চলিছিল এই অভিযান ।
পিছত আৰক্ষীয়ে আটক কৰে মুনচুৰ আলীক। ধৃত মুনচুৰৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ, এটা মৰণাস্ত্ৰ , সজীৱ গুলীও উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে । সম্প্ৰতি আহত মুনচুৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । এতিয়ালৈকে জিলাখনত ৫০ জনৰ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷
ড্ৰাগছৰ ক’লা সাম্ৰাজ্যত আৰক্ষীৰ মোক্ষম আঘাত এইবাৰ ড্ৰাগছৰ ক’লা সাম্ৰাজ্যত লেডী ড’নৰ আবিৰ্ভাৱ, বিগত ২৪ ঘণ্টাত আৰক্ষীৰ জালত পৰিছে ১১ গৰাকী ড্ৰাগছৰ ৰাণী গুৱাহাটীৰ পৰা উজনি-নামনি সকলোতে মাৰাথন অভিযান চলিছে আৰক্ষীৰ ৷ ২৭ মেৰ পিছত ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি চলোৱা অভিযানত ২৫ টাকৈ কেছ ৰুজু কৰিছে৷
দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত আছে ৷ এই অভিযানৰ মাজতে আজিও ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত গৰৈমাৰীৰ পুখুৰীপাৰ স্বাস্থ্য কেন্দ্ৰ চ’ক বজাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ধৰা পৰে দুজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন হৈছে গৰৈমাৰীৰ ৰজৱ আলী আৰু ৰফিকুল ইছলাম ৷
লগতে পঢ়ক হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ছেবা কৰ্তৃপক্ষ’ৰ সৈতে ‘আছু’ৰ বৈঠক