নিউজ ডেস্ক: নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছতেই ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অসম আৰক্ষীৰ।
১০ দিনত গ্ৰেপ্তাৰ হৈছে ৪২ টাকৈ ড্ৰাগছ সৰবৰাহকাৰী। জিলাই জিলাই উৎখাত ড্ৰাগছৰ ঘাটি।২২টাকৈ গোছৰ ৰুজু হৈছে এই সময়চোৱাত ।
আনহাতে ড্ৰাগছৰ কৱলৰ পৰা নগাঁৱক উদ্ধাৰ কৰাৰ উদ্দেশ্যে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰি দিয়া ৰাইডাৰ টীমেও লাভ কৰিছে সফলতা ৷ বৃহস্পতিবাৰে চিলংনী আমতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত টীম ৰাইডাৰে অভিযান চলাই বুজন পৰিমাণৰ সন্দেহজনক ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ পাঁচ জন ড্ৰাগছ ব্যাৱসায়ীক আটক কৰে আৰক্ষীয়ে ৷ ড্ৰাগছ ব্যাৱসায়ী কেইজনৰ পৰা কেইবাহাজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হয় টীমটোৱে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীকেইটাৰ নাম ক্ৰমে বানেচা খাতুন, এমৰাজুল ইছলাম, আশাদুল ইছলামফজৰ আলী, চফিকুল ইছলাম।
লগতে পঢ়ক ৰূপহীহাটত খেদি খেদি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে আৰক্ষীয়ে
নগাঁও জিলাৰ বিভিন্ন স্থানত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে আজি চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলা সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীৰ অভিযানকাৰী দলটোৱে ৫.৮১ গ্ৰাম হেৰইন সহ নগদ ৭৮০০ টকা আৰু এখন মটৰ চাইকেল জব্দ কৰে। জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলেৰ নেতৃত্বত এটা আৰক্ষীৰ দলে আজি দুপৰীয়া প্ৰায় ২-৩০ বজাত চামগুৰি সাপ্তাহিক বজাৰৰ সমীপৰ ড্ৰাগছ ব্যৱসায়ী হজৰত বিল্লালৰ ঘৰত অভিযান চলায়।
আৰক্ষীৰ অভিযানৰ উমান পাই হজৰত বিল্লালে পলায়ন কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে ঘৰটোত তালাচী চলাই ৫.৮১ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত বিল্লালৰ পত্নী নাজিমা খাতুন(২৪)ৰ লগতে বিল্লালৰ সহযোগী বাজিয়াগাঁৱৰ মাইনুল হক(৩৫) নামৰ যুৱকজনকো আৰক্ষীয়ে আটক কৰি চামগুৰি থানালৈ নি সোধাপোচা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক অসম নাগালেণ্ড সীমান্তৱৰ্তী দিচৈ বনাঞ্চলত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত নগা দুৰ্বৃত্তৰ গুলীচালনা