বটদ্ৰৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত ।
নগাঁও আৰু বটদ্ৰৱা আৰক্ষীৰ যুটীয়া অভিযানত ভেৰভেৰিৰ পৰা আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷
সৰবৰাহকাৰী দুজন ক্ৰমে আইনুল হক ওৰফে ভেকুলী আৰু ৰচিদুল হক ৷
সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ৫৪.৮১ গ্ৰাম হিৰ’ইনৰ লগতে ৭২ টা নিচাজাতীয় টেবলেট, ম’বাইল হেণ্ডছেট আৰু নগদ ধন উদ্ধাৰ কৰে ৷
দীৰ্ঘদিন ধৰি এই দুই সৰবৰাহকাৰীয়ে নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্ৰাগছৰ মুকলি বেহা চলাই একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ।
অৱশেষত নগাঁও আৰু বটদ্ৰৱা আৰক্ষীৰ সহযোগত কৰায়ত্ত কৰে দুই সৰবৰাহকাৰীক ৷