নিউজ ডেস্ক: ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী।ৰাজ্যৰ ভিন্ন স্থানত ড্ৰাগছ মাফিয়াক আটক কৰি জব্দ কৰিছে কোটি কোটি টকা মূল্যৰ ড্ৰাগছ।আজি পল্টনবজাৰৰ নেপালী মন্দিৰৰ সমীপত আৰক্ষীয়ে অভিযান চলাই চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।
জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় দুই লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।আনহাতে ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে দুখন বাহনো জব্দ কৰিছে।উল্লেখযোগ্য যে,অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।
আনহাতে, মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই বিগত চাৰিটা দিনত ১৮জনকৈ ড্রাগছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰাৰ লগতে বহুকেইজন লোকক আটক কৰিছে৷ নুনমাটি আৰক্ষীয়ে মটঘৰীয়াৰ বড়ো চ’কত অভিযান চলাই ড্রাগছ সহ অশোক কুমাৰ দাস নামৰ এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ড্রাগছ সৰবৰাহকাৰী অশোকৰ পৰা লক্ষাধিক টকা মূল্যৰ ব্রাউন ছুগাৰৰ লগতে শতাধিক খালী কণ্টেইনাৰ জব্দ কৰে৷ ধৃত ড্রাগছ সৰবৰাহকাৰী অশোকক নুনমাটি থানাৰ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত ধৃত অশোকে ড্রাগছ ব্যৱসায়ৰ লগত জড়িত বহু লোকৰ নাম প্রকাশ কৰিছে৷
ইফালে, জালুকবাৰী থানাৰ অন্তর্গত গোশালা অঞ্চলত এক গোপন অভিযান চলাই জালুকবাৰী আৰক্ষীয়ে দুই দুর্ধর্ষ ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, জালুকবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়া উপেন কলিতাৰ নেতৃত্বত মাৰাত্মক ড্রাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত কৌশিক ছন্দ আৰু তাজাউদ্দিন নামৰ দুই ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে জালুকবাৰী আৰক্ষীয়ে৷ ধৃত ড্রাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ১৯টাকৈ ড্রাগছ ভর্তি কণ্টেইনাৰ, চাৰিটা ম’বাইল, ছিৰিঞ্জসহ যথেষ্টসংখ্যক আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়৷
লগতে পঢ়ক আহোমক তাচ্চিল্য কৰাৰ প্ৰতিবাদ, উজনিত হেংদাঙেৰে কাটিলে ভৰত নৰহৰ প্ৰতিমূৰ্তি