ৰূপহীহাট: ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অভিযান অব্যাহত আছে।আৰক্ষীয়ে গ্ৰাহকৰ ৰূপত অভিযান চলাই আটক কৰিলে ড্ৰাগছ পেডলাৰক।
ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাই পশ্চিম শালপাৰাত চলাইছিল এই অভিযান ।ৰূপহীহাটৰ পশ্চিম শালপাৰাত ড্ৰাগছ বিক্ৰী কৰি থকাৰ গোপন খবৰ লাভ কৰিছিল ৰূপহীহাট আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ পেডলাৰ সুৰুজ আলী।
ড্ৰাগছ পেডলাৰ সুৰুজ আলীৰ পৰা আৰক্ষীয়ে হিৰোইন ভৰ্তি পাঁচটা কন্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে মবাইল ফোন আৰু কিছু নগদ টকা জব্দ কৰে।
ধৃত সুৰুজ আলীয়ে দীৰ্ঘ দিনৰ পৰাই চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয় ব্যাৱসায়।
লগতে পঢ়ক- ভেলেণ্টিনা আৰু কেৰ’টিনা খেতিৰে স্বাৱলম্বী জামুগুৰিহাটৰ যুৱক