শিৱসাগৰৰ পৰা আমিনুৰ ৰহমান: শিৱসাগৰত দিনক-দিনে উদ্ধাৰ হৈছে এটাৰ পিছত আনটো ড্ৰাগছ সেৱনকাৰী । আজিৰ দিনটোত শিৱসাগৰ ৰে’লৱে ষ্টেচনত গাওঁৰক্ষী বাহিনীৰ তৎপৰতাত আটক হয় ড্ৰাগছৰ সৈতে তিনি যুৱক।
ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসনৰ তীব্ৰ ড্ৰাগছ বিৰুধী অভিযানৰ মাজতেই যেন প্ৰশাসনৰ চকুত ধুলি দি শিৱসাগৰ নগৰৰ মাজ মজিয়াতেই ইটোৰ পিছত সিটো ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীক ৰাইজে ড্ৰাগছ-সহিতে হাতে-লোটে আটক কৰা ঘটনাই শিৱসাগৰ নগৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
শিৱসাগৰত দিনক-দিনে বৃদ্ধি পাইছে কমবয়সীয়া কিশোৰ-যুৱকে সেৱন কৰিবলৈ আৰম্ভ কৰিছে এই মাৰাত্মক বৰবিহ ৷ ৰে’লৱে ষ্টেচন গাওঁৰক্ষী বাহিনীয়ে আজি পুৱা ড্ৰাগছৰ সৈতে হাতেলোটে কৰায়ত্ত কৰে ছহিদুৰ আলি, জাকিৰ আলি, বাবা কাহা নামৰ তিনিজন যুৱকক ৷
ছহিদুৰ আলি আৰু জাকিৰ আলিয়ে ষ্টেচন চাৰিআলিৰ ৰে’লৱে ষ্টেচন সমীপত ভাড়াঘৰত থাকি ফেৰিৱালাৰ কাম কৰাৰ লগতে বাবা কাঁহা নামৰ আনজন যুৱজনৰ ঘৰ চেৰেকাপাৰত বুলি জানিব পৰা গৈছে।
ড্ৰাগছখিনি যুৱক কেইজনে এহেজাৰ টকাত শিৱসাগৰ নগৰৰ বি.জি ৰো’ডৰ বাবুল নামৰ এজন ব্যক্তিৰ পৰা আনিছিল বুলি ৰাইজৰ আগত জানিবলৈ দিয়ে ৷
মাৰাত্মক বৰবিহৰ ড্ৰাগছ সেৱনকাৰী কেইটাক আটক কৰাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন আৰু গাওঁৰক্ষী বাহিনীক স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন জনাইছে।
লগতে ঐতিহাসিক শিৱসাগৰখন যাতে ড্ৰাগছৰ ৰম্যভূমিত পৰিণত নহয় ! তাৰবাবে বাবুলৰ দৰে ড্ৰাগছ সৰৱৰাহকাৰী সকলক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ জিলা আৰক্ষী প্ৰশাসনক দাবী জনাই ।
লগতে পঢ়ক- মণিপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৭৩ গৰাকী প্ৰাৰ্থী