নামতোলাত অব্যাহত আছে আৰক্ষীৰ অভিযান

সোণাৰি : কভিডৰ বাবে নৈশ সান্ধ্য আইন চলি থকাৰ মাজতে যোৱা নিশা চৰাইদেউ আৰক্ষীয়ে জিলাখনৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী তথা অসম – নগালেণ্ড সীমাৱৰ্তী নামতোলাত অভিযান চলাই এখন বাহনসহ দুজন গাঞ্জা ব্যৱসায়ীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এক গোপন সূত্ৰৰ পৰা লাভ কৰা খৱৰৰ ভিত্তিত কালি সন্ধিয়া প্রায় সাত বজাত চৰাইদেউ আৰক্ষীৰ এটা বৃহৎ দলে নামতোলাৰ পৰা সোণাৰি নগৰ অভিমুখে আহি থকা অৱস্থাত এ এছ ০৪ এক্স ৭৪৯৯ নম্বৰৰ এখন বগা ৰঙৰ বলেৰ’ গাড়ীত আনি থকা অৱস্থাত দুই কিলোগ্ৰামতকৈ অধিক ওজনৰ গাঞ্জাসহ ব্যৱসায়ী সোণাৰি নগৰৰ ৰজাঢাপৰ নিবাসী বিদ্যুত বিকাশ বৰা আৰু সোণাৰি নগৰৰ সমীপৰ গুটিঘাট অঞ্চলৰ প্ৰশান্ত শৰ্মাক আটক কৰে ।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে অবৈধ গাঞ্জা ব্যৱসায়ী দুজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে চৰাইদেউ জিলাত অবৈধ গাঞ্জা, ড্ৰাগছ, সুৰাৰ অবাধ প্ৰচলন হৈ থকাৰ বিষয়ে ইতিপূৰ্বে একাধিক সংবাদ প্ৰকাশ পাই আহিছে আৰু সমান্তৰাল ভাৱে যোৱা কিছুদিন ধৰি চৰাইদেউ আৰক্ষীয়েও জিলাখনৰ বিভিন্ন প্ৰান্তত অবৈধ ড্ৰাগছ , গাঞ্জা , সুৰা আদিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply