সোণাৰি: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ ,গাঞ্জা আদিৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে যোৱা নিশা সোণাৰি আৰক্ষীৰ বিশেষ অভিযানত সোণাৰি নগৰৰ সমীপৱৰ্তী ৰজাপুখুৰী ৰাইডঙীয়াত তিনি ড্ৰাগছ আসক্ত যুৱকক বৃহৎ সংখ্যক ড্ৰাগছৰ সৈতে আটক কৰে ।
আটকাধীন যুৱককেইজনে ব্যৱহাৰ কৰা AS 06G 0892 নম্বৰৰ টাটা ইণ্ডিকা বাহনখনো জব্দ কৰে আৰক্ষীৰ অভিযানকাৰী দলটোৱে । যুৱক কেইজনৰ সোণাৰি ৰাইদঙীয়া অঞ্চলৰ জাকিৰ আহমেদ(বাবলী), ডিব্ৰুগড় জিলাৰ বাণীপুৰৰ আছিক আহমেদ আৰু ডিব্ৰুগড় জিলাৰ চাউলখোৱাৰ জয়নাল আলি বুলি জানিব পৰা গৈছে ।
যোৱা নিশা প্ৰায় সাত বজাত সোণাৰি আৰক্ষীয়ে গোপন সূত্ৰ অনুসৰি সোণাৰি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক সাৰংগ সিদ্ধ গগৈৰ নেতৃত্বত এটা অভিযানকাৰী দলে চলোৱা এক অভিযানত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ আসক্ত যুৱককেইজনক।
আৰক্ষীৰ অভিযানত আটক হোৱা যুৱককেইজনে সোণাৰিত ড্ৰাগছ সৰবৰাহ কাৰ্যত আবিদ ৰহমান নামৰ এজন যুৱক জড়িত থকাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে । যুৱকত্ৰয়ৰ জিম্মাৰ দলটোৱে প্ৰায় ২৯ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । সোণাৰি আৰক্ষীয়ে ধৃত তিনিওৰে বিৰুদ্ধে ১৩৮/২১ এটা গোচৰ ৰুজু কৰি আজি পুৱা চৰাইদেউ ন্যায়িক দন্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ কৰে ।