ভাং সহ গ্ৰেপ্তাৰ দুই যুবক সোণাৰিত

সোণাৰিৰ চফ্ৰাইত আকৌ ধৰা পৰিল বুজন পৰিমাণৰ গাঞ্জা এই ঘটনাত দুই যুৱকক আটক কৰিছে সোণাৰি আৰক্ষীয়ে।

আটকাধীন গাঞ্জা সৰবৰাহকাৰী দুটা চফ্ৰাই মোহন গাঁওৰ কিৰণ কাঁহাৰ আৰু চফ্ৰাই ষ্টেচনৰ মোবাৰক আলি।

দীৰ্ঘদিন ধৰি গাঞ্জা সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে যুৱক দুজনৰ ওপৰত।

চফ্ৰাই আৰক্ষী চকী আৰু চফ্ৰাই অঞ্চলৰ তিনিখন গাওঁৰক্ষী বাহিনীৰ যুটীয়া অভিযানত সোমবাৰে সন্ধিয়া জব্দ কৰা হয় গাঞ্জাখিনি।

অসম-নাগালেণ্ড সীমান্তৰ নামতোলাৰপৰা এখন নম্বৰবিহীন বাইকত সৰবৰাহ কৰা সময়তে আটক হয় দুই গাঞ্জা সৰবৰাহকাৰী।

চফ্ৰাই আৰক্ষী তথা গাঁওৰক্ষী বাহিনীয়ে আটকাধীন যুৱক দুজনক ইতিমধ্যে সোণাৰি আৰক্ষী থানাত চমজাই দিয়াৰ পাছত সোণাৰি আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে।

লগতে পঢ়ক ১ কোটি ৭৫ লাখ ব্যায়ৰে নিৰ্মিত হ’ব নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ গৃহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply