নিসিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান

সোণাৰি : ৰাজ্যত নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য সেৱন তথা সৰবৰাহ ৰোধ কৰিবলৈ ইতিমধ্যে অভিযান দ্ৰুত কৰি তুলিছে আৰক্ষী প্ৰশাসনে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে ইয়াৰ সৰবৰাহত জৰিত বহু কেইজন লোকক আটক কৰা সময়তে আজি চৰাইদেউ আৰক্ষীয়ে এগৰাকী মহিলাৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ চিংফাং অঞ্চলৰ এখন দোকানৰ পৰা ১১.৫ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ।
মথুৰাপুৰ আৰক্ষী আৰু সোণাৰি আৰক্ষীৰ গোপন অভিযানত নিষিদ্ধ নিচাজাতীয় দ্ৰব্য সৰবৰাহত জৰিত সুৰেখা সেন নামৰ মহিলা গৰাকীৰ পৰা ব্ৰাউন চুগাৰ সহ প্ৰায় দুই লাখ ৭৩ হাজাৰ টকা জব্দ কৰা বুলি জানিবলৈ দিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।

আনহাতে আটকাধীন মহিলা গৰাকীক জেৰা অব্যাহত ৰাখিছে মথুৰাপুৰ আৰক্ষী থানাত। ইতিমধ্যে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং সহ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈছে মথুৰাপুৰ আৰক্ষী থানাত।

লগতে পঢ়ক পুনৰ স্বাস্থ্যৰ অৱনতি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply