চৰাইদেউ- বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপিছে। কঠোৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন।
চৰাইদেউৰ বৰহাটত অসম ৰাইফলছে জব্দ কৰিছে পাঁচ টোপোলা ব্ৰাউন ছুগাৰ।
দুজন যুৱকে বাইকেৰে আনিছিল ব্ৰাউন ছুগাৰ খিনি।
আৰু পঢ়কঃ হাজোত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ
বৰহাটত আছাম ৰাইফলছে তালাচী চলাই মটৰচাইকেলসহ জব্দ কৰে ব্ৰাউন ছুগাৰখিনি।
লগতে অসম ৰাইফলছে আটক কৰে এজন যুৱকক।
আৰু পঢ়কঃ বিশ্ব ঘৰ চিৰিকা বা ঘনচিৰিকা দিৱসত ব্যতিক্ৰমী প্ৰচেষ্টা খুমটাইৰ এটা পৰিয়ালৰ
আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আনজন যুৱক।
অসম ৰাইফলছে যুৱকজনক বৰহাট আৰক্ষীক চমজাই দিয়ে।