প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্কঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে নিচাজাতীয় দ্ৰব্যৰ অবাধ ব্য়ৱসায়।

বৰ্তমান যুৱ প্ৰজন্ম এনে দ্ৰব্যৰ প্ৰতি বেছি আসক্ত হ’ব ধৰিছে ৷

নিচাজাতীয় দ্ৰব্যৰ কবলত পৰি মৃত্যু মুখত পৰিছে অসংখ্যজন।

নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলন ৰোধ কৰিবলৈ আৰক্ষী- প্ৰশাসনো এই দিশত তৎপৰ হৈ পৰিছে।

শুকুৰবাৰে যোৰহাট জিলাৰ পুলিবৰ আৰক্ষীয়ে পুৰণিমাটিৰপৰা জব্দ কৰে অৰুণাচলী সুৰাভৰ্তি এখন ট্ৰাক।

আৰু পঢ়কঃঅসম অলিম্পিক সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত বিনামূলীয়া ভেকচিন প্ৰদান

ট্ৰাকখনত আছিল প্ৰায় ৯০০ কাৰ্টন অৰুণাচলী সুৰা।

জব্দকৃত সুৰাখিনিৰ মূল্য ১৫ৰ পৰা ১৮ লাখ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

ট্ৰাকখনৰ জৰিয়তে এজন ব্যক্তিয়ে আমগুৰিলৈ আনিছিল এই অৰুণাচলী সুৰাখিনি।

অৰুণাচলৰ নাহৰলগুনৰপৰা অনা হৈছিল এই সুৰাখিনি।

আৰু পঢ়কঃকভিড-১৯ত আক্ৰান্ত হৈ বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক শ্ৰাৱণ ৰাথোড়ৰ মৃত্যু

ইফালে, বৃহস্পতিবাৰে বোকাজান মহকুমা আৰক্ষীয়ে অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইনসহ দুজন লোকক আটক কৰে।

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই খটখটীৰ ৰাজধানী ৰেষ্টুৰেণ্টৰ সন্মুখৰ পৰা অটোৰিক্সাসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে ডিমাপুৰ ইষ্টৰ ঘোঁৰাপট্টিৰ নাগিন্দ্ৰ মাহাট্টো আৰু বাবুল কুমাৰ।

ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ২৫ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৩১৮ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।

জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য কমেও ১০ লক্ষাধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই খটখটীৰ ৰাজধানী ৰেষ্টুৰেণ্টৰ সন্মুখৰ পৰা অটোৰিক্সাসহ ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ ব্যৱসায়ী চক্ৰটোক আটক কৰাৰ বাবে আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু দুগৰাকী জোৱানে ড্ৰাগছ ব্যৱসায়ীৰ বেশত ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰৰ সৈতে যোগাযোগ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply