বদৰপুৰঃ বদৰপুৰ ৰেল জংছনত জব্দ নিষিদ্ধ ড্ৰাগছ। এক গোপন সূত্ৰৰ পম খেদি বদৰপুৰ আৰক্ষী, GRP, CRPF আৰু RPFৰ যুটিয়া অভিযান চলাই শিয়ালদহ- আগৰতলা এক্সপ্ৰেছৰ পৰা জব্দ কৰে ২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ।

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী প্ৰসেনজিত দাসকো গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়কঃসোণাৰিত ৰাষ্ট্ৰীয় পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ শুভাৰম্ভ কৰিলে সাংসদ তপন কুমাৰ গগৈয়ে

জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৮ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জনাইছে।

এখন টয় ট্ৰাকৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছখিনি।


ড্ৰাগছখিনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আগৰতলাত লৈ যোৱাৰ কথা আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply