ধুবুৰী : ধুবৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। ধুবুৰী আৰক্ষীৰ ড্ৰাগছ মুক্ত ধুবুৰী অভিযান অধিক তীব্রতৰ হৈ উঠিছে। জিলাখনৰ ড্ৰাগছৰ ঘটিত প্ৰতিদিনে আৰক্ষীয়ে অভিযান চলাই বিভিন্ন নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো সৰবৰাহকাৰীক।

ধুবুৰী জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দীলীপে দায়িত্ব ভাৰ গ্ৰহণ কৰিয়েই জিলাখনত চলি থকা বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। বিশেষকৈ ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে ধুবুৰী জিলাখনক ড্ৰাগছ মুক্ত অভিযানত নামি পৰিছে। আৰক্ষী অধীক্ষক গৰাকীয়ে জিলখনৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়ক : সোণাৰিৰ নামতোলাত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল তিনি যুৱক

ধুবুৰী জিলাৰ নৱনিয়ুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দীলিপে ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত ইছলামনগৰ অঞ্চলত অভিযান চলাই দুজন যুৱকক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবল সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দ্দেশত ধুবুৰী আৰক্ষী থানাৰ এটা দলে অভিযান চলাই ড্ৰাগছ ব্যবসায়ী যুৱক দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছ বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যবসায়ী দুজন হ’ল ক্ৰমে ধুবুৰী জিলাৰ ইছলামনগৰৰ মিৰ ছেলিম আৰু নিউ ঘাটৰ ছোহেল শেখ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply