ডবকা : ডবকা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন। এখন চাৰিচকীয়া বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি। গোপন চেম্বাবৰত লুকুৱেই আনিছিল হেৰ’ইনখিনি। গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী।

ৰাজ্যৰ প্রান্তে প্রান্তে অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰতিদিনে জব্দ কৰিছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। এইবাৰ ডবকা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ হেৰ’ইন।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ডবকা আৰক্ষীয়ে এখন বাহনৰ পৰা জব্দ কৰিছে হেৰ’ইনখিনি। এএছ-১০ই-৪০৭৮ নম্বৰৰ এখন চাৰিচকীয়া বাহনত তালাচী চলাই আৰক্ষীয়ে হেৰ’ইনখিনি জব্দ কৰে। বাহনখনৰ গোপন চেম্বাৰত হেৰ’ইনখিনি লুকুৱাই আনিছিল দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে।

লগতে পঢ়ক :  বৈজ্ঞানিক পদ্ধতিৰে আলু খেতি কৰি সপোন ৰচিছে মুন্নাফ আলীয়ে

বাহনখনৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে ৬১ টা চাবোনৰ বাকচত ভৰাই থোৱা হেৰ’ইনখিনি জব্দ কৰে। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply