দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তত শনিবাৰে সন্ধিয়াৰ ভাগত আৰক্ষী আৰু বিএছএফে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেটসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। এক গোপন সুত্ৰ পম খেদি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয়ৰ নেতৃত্বত আৰক্ষী আৰু কাকৰিপাৰাস্থিত ৬ নং বিএন বিএছএফে সন্ধিয়া প্ৰায় ৭ বজাত অভিয়ান চলায়।

আৰক্ষী আৰু বিএছএফে ভাৰত-বাংলাদেশ সীমান্তৰ কাষৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে মানকাচৰ থানাৰ অন্তৰ্গত বড় কেশৰভিটা গাঁৱৰ প্ৰয়াত মকবুল হুছেইনৰ পুত্ৰ নুৰ আমিন আৰু ছোট কেশৰভিটা গাঁৱৰ খাইৰুল ইছলামৰ পুত্ৰ নুৰ কালাম।

অভিযানকাৰী দলটোৱে মুঠ ৮০০০ টা নিচা জাতীয় টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেটখিনিৰ বজাৰ মুল্য প্ৰায় ৪০ হেজাৰ টকা হ’ব বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা এটা চক্ৰই বাংলাদেশলৈ নিচা জাতীয় টেবলেট, গৰু, মহ, মদকে ধৰি বহু সামগ্ৰী সৰবৰাহ কৰি আহিছে।

শনিবাৰে আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন বাংলাদেশলৈ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ বাবে আনিছিল যদিও আৰক্ষী আৰু বিএছএফে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰি নিচা জাতীয় টেবলেটখিনি জব্দ কৰে।

আনহাতে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কালাইচাবাৰীতো বিএছএফে সীমান্তৰ কাইটীয়া তাৰৰ বেৰৰ কাষৰ পৰা ৮৪ বটল মদৰ বটল জব্দ কৰিবলৈ সক্ষম হৈছে। ৪১ নং বিএন বিএছএফে সীমান্তত পহৰা দি থকা অৱস্থাই মদৰ বটলখিনি এটা চক্ৰই বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ আনিছিল যদিও টহলধাৰী বিএছএফে আগবাঢ়ি অহাৰ ফলত মদৰ বটলখিনি পেলাই সৰবৰাহকাৰী পলায়ন কৰাত বিএছএফে কাকো আটক কৰিব পৰা নাই যদিও মদৰ বটলখিনি জব্দ কৰি আৰক্ষীক গতাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply