গুৱাহাটী : মহানগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰোধী অভিযান অব্যাহত ৰাখিছে লাভ কৰিছে এটাৰ পিছত আনটো সাফল্য। এইবাৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

এক গোপন খবৰৰ ভিত্তিত বেহাৰবাৰীৰ কালী মন্দিৰ পথত এগৰাকী মহিলা ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ২২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। আৰ্জু বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি।

লগতে পঢ়ক :  গড়চুক আৰক্ষীৰ জালত ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আৰ্জু বেগম নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰিংকুমণি দাস আৰু নীৰা শাহু নামৰ অন্য দুগৰাকী মহিলাক আটক কৰিছে। আৰ্জু বেগম দীর্ঘদিন ধৰি অঞ্চলটোৰ ড্ৰাগছৰ বেহা চলাই আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply