কৰিমগঞ্জ : পঞ্চায়ত সভাপতি ড্ৰাগছৰ বেহাৰ লগত জড়িত। কৰিমগঞ্জত এজন পঞ্চায়ত সভাপতিৰ ঘৰৰ পৰা জব্দ হৈছে ড্ৰাগছ। ড্ৰাগছসহ পঞ্চায়ত সভাপতিৰ লগতে মুঠ ৫ জন গ্ৰেপ্তাৰ।
কৰিমগঞ্জ জিলাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এজন পঞ্চায়ত সভাপতিৰ ঘৰৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীয়ে অভিযানকালত পঞ্চায়ত সভাপতি জনৰ ঘৰৰ পৰা জব্দ কৰিছে ১ গ্ৰাম হেৰ’ইন আৰু ২০০০টা কণ্টেইনাৰ।
লগতে পঢ়ক : ৩১ ডিচেম্বৰৰ লগতে নৱবৰ্ষৰ প্ৰথম দিনটোত দুৰ্ঘটনা মুক্ত হ’ল বোকাখাতত
আৰক্ষীয়ে কংগ্ৰেছৰ পঞ্চায়ত সভাপতি আব্দুল কৰিমৰ লগতে আব্দুল কৰিমৰ দুই পুত্ৰ মামুন আহমেদ আৰু ৰিপুণ আহমেদ আৰু দুই ভাতৃ বুৰহান উদ্দিন আৰু আবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে। আব্দুল কৰিমমে দুই পুত্ৰ আৰু দুই ভাতৃৰ লগত মিলি দীর্ঘদিন ধৰি ড্ৰাগছৰ অবৈধ বেহা চলাই আছিল বুলি জানিব পৰা গৈছে।