বোকাজান : বোকাজানত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হয় বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছ।

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু খটখতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্ম, আৰক্ষী উপপৰিদৰ্শত নিতুল শইকীয়াৰ সহযোগত চলোৱা এক তালাচী অভিযানৰ ড্ৰাগছখিনি জব্দ হয়। আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰো কৰিছে।

খটখতি আৰক্ষীয়ে ডিমাপুৰৰ পৰা আহি থকা এএছ-০৯-ই-৬০৪৭ নম্বৰৰ স্কুটিৰ পৰা পাঁচটা চাবোনৰ বাকচত ড্ৰাগছখিনি উদ্ধাৰ কৰে। আৰক্ষীয়ে খটখতি আৰক্ষী চকীৰ অন্তৰ্গত ফুলবাৰীৰ কাৰ্তিক কলিতাক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থাকৰ বাবে গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : সোণাৰিৰ প্ৰাচুৰ্য্যৰ ব্যতিক্ৰমী ভাবে জন্মদিন উদযাপন

জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৬৩.২৭ গ্ৰাম। জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য পাঁচ লাখৰো অধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply