কাৰ্বি আংলং : পুনৰ কাৰ্বি আংলংত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। বোকাজানৰ মাটিপুলত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। বোকাজান আৰক্ষীৰ নাকা তালাচীত এখন স্কুটীৰ পৰা জব্দ হয় ড্ৰাগছখিনি।
কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই পুনৰ এক বৃহৎ সাফল্য লাভ কৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে লগতে গ্ৰেপ্তাৰ কৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে বোকাজানৰ বিমল তস্যা আৰু মৈৰাবাৰীৰ ছাদ্দাম হুছেইন।
বোকাজান আৰক্ষীয়ে মাটিপুলত নাকা তালাচীত এএছ-০৯-এইচ-৪২৩৪ নম্বৰৰ এখন স্কুটীৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে। বিমল তাচ্চা আৰু ছাদ্দাম হুছেইন নামৰ দুজন যুৱকে স্কুটীখনত চাবোনৰ বাকচত ১ কেজি ৭৭৭ গ্ৰাম হেৰ’ইন আনিছিল। হেৰ’ইনখিনিৰ মূল্য ১২ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।
আৰক্ষীয়ে হেৰ’ইনখিনি জব্দ কৰি যুৱক দুজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰে ছাদ্দাম হুছেইন নামৰ যুৱকজন আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে ছাদ্দাম হুছেইনক লক্ষ্য কৰি গুলী চালনা কৰে।
লগতে পঢ়ক : প্ৰাক্তন বিধায়ক শিলাদিত্যক তুলাধূনা আমছুৰ
ছাদ্দাম হুছেইনৰ ভৰিত দুটা গুলী লগাত আৰক্ষীয়ে আহত ছাদ্দাম হুছেইনক পুনৰ গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও কাৰ্বি আংলং জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। বোকাজান মহকুমা আৰক্ষী বিষয়া, বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।