বোকাজন : অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ইজনৰ পিছত সিজন ড্ৰাগছ মাফিয়া পৰিছে অসম আৰক্ষীৰ জালত। প্ৰতিদিনে ৰাজ্যৰ চুকে কোনে জব্দ হৈ আছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। বোকাজনত পুনৰ জব্দ হৈছে ৩.৫ কোটি টকা মূল্যৰ হেৰ’ইন।
কাৰ্বি আংলং জিলাৰ লাহৰীজানত নাকা তালাচীত আৰক্ষীয়ে এখন বলেৰ বাহনত তালাচী চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ হেৰ’ইন। বলেৰ বাহনখনৰ পৰা আৰক্ষীয়ে ৪১২ গ্ৰাম হেৰ’ইন জব্দ কৰে। হেৰ’ইনখিনিৰ বজাৰ মূল্য ৩.৫ কোটি টকা বুলি অনুমান কৰা হৈছে।
এমএন-০১-একে-৪৭৮৯ নম্বৰৰ মণিপুৰৰ বলেৰ বাহনখন আহি থকা অৱস্থাত আৰক্ষীয়ে বাহনখন ৰখাই তালাচী চলায়। তালাচীত বাহনখনৰ লাইটত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে ৩০ চাবোনৰ বাকছত হেৰ’নখিনি উদ্ধাৰ কৰে।
লগতে পঢ়ক : দীৰ্ঘদিনৰ অন্তত আজিৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান
জানিব পৰা মতে দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে বলেৰ বাহনখনত এইদৰে হেৰ’ইনখিনি লৈ গুৱাহাটী অভিমুখে আহি আছিল। ড্ৰাগছ সৰবৰাহকাৰী দুজন মণিপুৰৰ আমজাদ আলী আৰু ছৈয়দ আনিছ খান। ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।