গুৱাহাটী : গড়চুক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক সাফল্য। মঙলবাৰে নিশা ড্ৰাগছ বিৰোধী অভিযান চলাই গড়চুক আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষীৰ অভিযানত জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী।
নিশা এক গোপন খবৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে আইএছবিটি’ত এক ড্ৰাগছ বিৰোধী অভিযান চলায়। গুৱাহাটীৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰলৈ যোৱা এখন বাছত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে বৃহৎ সংখ্যক নিচাজাতীয় টেবলেট।
লগতে পঢ়ক : মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ
অভিযান কালত আৰক্ষীয়ে মনচুৰ আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ৭২০০ টা নিচাজাতীয় টেবলেট জব্দ কৰাৰ। জব্দকৃত টেবলেটখিনিৰ মূল্য ৫ লাখ টকা হ’ব বুলিও আৰক্ষীয়ে ধাৰণা কৰিছে।