বোকাজান : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন। আৰক্ষী-প্ৰশাসন স্বাধীনতা দিৱস উদযাপনকলৈ ব্যস্ত। স্বাধীনতা দিৱস উদযাপনৰ ব্যস্ততাৰ মাজতো অসম আৰক্ষীয়ে চলাই গৈছে ড্ৰাগছ বিৰোধী অভিযান। স্বাধীনতা দিৱসৰ পূৰ্বে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য।
কাৰ্বি আংলং জিলাৰ বোকাজানত আৰক্ষীয়ে জব্দ কৰিলে ২.১৭ কেজি পৰিমাণ ড্ৰাগছ। অসম নাগালেণ্ডৰ সীমান্তৰ বোকাজানৰ লাহৰিজানত এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। কম্বলৰ মাজত লুকুৱাই আনিছিল ১৫০ পেকেট ড্ৰাগছ।
লগতে পঢ়ক : অসম-অৰুণাচল সীমান্তৰ বালিজুৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত কোভিড ভেকচিন কেন্দ্ৰৰ শুভাৰম্ভ
ড্ৰাগছ সৰবৰাহকাৰী এহাল নগা দম্পত্তিক ড্ৰাগছসহ আটক কৰে আৰক্ষীয়ে। নগা দম্পত্তিৰ নাম ৰজি ৰেংমেই আৰু আংমা কামেই বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটিতকৈ অধিক বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে।