মানকাচৰ : আৰক্ষী আৰু বিএছএফৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। মানকাচৰত আৰক্ষী আৰু বিএছএফে যুটীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ ভাংসহ নিচাজাতীয় টেবলেট জব্দ কৰে। এখন ফাৰ্মাচীত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং আৰু নিচাজাতীয় টেবলেট জব্দ কৰে অভিযানকাৰী দলটোৱে।
ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যৱত আছে। ড্ৰাগছ বিৰুদ্ধে অভিযান চলাই অসম আৰক্ষীয়ে ধাৰাবাহিক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বিভিন্ন সময়ত আৰক্ষী আৰু বিএছএফৰ ড্ৰাগছ বিৰোধী অভিযানৰ কেইবাজানো ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ লগতে জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
শনিবাৰে সন্ধিয়া পুনৰ এক বৃহৎ সাফল্য লাভ কৰে মানকাচৰ আৰক্ষী আৰু বিএছএফে। সন্ধিয়া মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ কাষত থকা এখন ফাৰ্মাচীত মানকাচৰ আৰক্ষী আৰু বিএছএফে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং আৰু নিচাজাতীয় টেবলেট জব্দ কৰে।
লগতে পঢ়ক : কাউঞ্চিলাৰৰ বিৰুদ্ধে দুটা সন্তানৰ মাতৃক অপহৰনৰ অভিযোগ
ফাৰ্মাচীখনৰ ভিতৰত মাটি খান্দি ভাং আৰু নিচাজাতীয় টেবলেট জব্দ কৰে অভিযানকাৰী দলটোৱে। অভিযানকাৰী দলটোৱে ৭০০ গ্ৰাম ভাং আৰু ৯৬০ টা য়াৱা টেবলেট মাটিৰ তলৰ পৰা জব্দ কৰে। আৰক্ষীয়ে ফাৰ্মাচীখনত কৰ্মৰত দুজন লোকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।