মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কুচনিমাৰাত জিলা আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ৮৪০০ টা নিচাজাতীয় টেবলেট। জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী। জিলাখনত আৰক্ষীয়ে অধিক তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কুচনীমাৰাত মঙলাবাৰে বিয়লি প্ৰায় ৩ বজাত জিলা আৰক্ষীৰ সহযোগত মানকাচৰ আৰক্ষী আৰু চি আৰ পি এফে এক যুটীয়া ড্ৰাগছ বিৰোধী অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়িক বুজন পৰিমাণৰ নিচা জাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰে।
জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়াৰ নেতৃত্বত উপ আৰক্ষী অধীক্ষক চাংচাং, মানকাচৰ আৰক্ষী বিষয়া নিতাই চান্দ ৰয় আৰু ৪৮ এ বি এনৰ, চি আৰ পি এফ বাহিনীয়ে এক অভিযান চলায়। এক গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত কুচনিমাৰা গাঁৱৰ পৰা আব্দুল আজিজৰ পুত্ৰ চান্দ মিয়াক গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা মুঠ ৮৪০০ টা নিচাজাতীয় টেবলেট জব্দ কৰে।
লগতে পঢ়ক : নিচাযুক্ত সামগ্রীৰ সৰবৰাহকাৰীক কেৱল গ্রেপ্তাৰ কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰিছে নেকি
মানকাচৰত এটা চক্ৰই দীৰ্ঘদিনৰ পৰা ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু অসম মেঘালয়ৰ আন্তঃৰাজ্যিক সীমান্তত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।আৰক্ষীয়ে এনে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আগন্তক দিনত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।