তামুলপুৰ : ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ বাক্সা জিলা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰিলে নিচাজাতীয় টেবলেট। তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত ২০৩ টা নিচাযুক্ত টেবলেট জব্দ কৰে আৰক্ষীয়ে।
ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকা সময়তে মঙলবাৰে নিশা তামুলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপেন কলিতাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা এক অভিযানত এন.কে দৰঙাৰ আশীৰ্বাদ ফাৰ্মাচীৰ স্বত্বাধিকাৰী ইছা হক আলীক ২০৩ টা নিচাজাতীয় টেবলেটসহ আটক কৰে। ইতিমধ্যে তামুলপুৰ আৰক্ষীয়ে টেবলেট সমূহ জব্দ কৰাৰ লগতে ব্যৱসায়ীজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : মানকাচৰত বেচৰকাৰী স্বেচ্ছাসেৱী সন্থা”LEO CLUB”ৰ প্রশংসনীয় পদক্ষেপ
জেৰাৰ অন্তত ধৃত ইছা হক আলীক প্ৰেৰণ কৰা হ’ব ন্যায়িক জিম্মালৈ। অভিযানত সহযোগ কৰে দৰংগামেলা আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ক্ৰমে দেৰচুং নাৰ্জাৰী আৰু নিলৱজ্যোতি নাথ লগতে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা তথা বজৰংগ দলৰ সদস্য সকলে।