নিউজ ডেস্ক- নিৰ্বাচনৰ দিন চমু চাপিছে প্ৰশাসনৰ তৎপৰতাও বৃদ্ধি পাইছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলাইছে অভিযান।
বৰপেটা জিলাৰ বিভিন্ন ঠাইতো আৰক্ষীয়ে চলাইছে অভিযান। সৰ্থেবাৰী আৰক্ষীয়ে সত্ৰপাকাৰ পৰা জব্দ কৰে ৫৬কেজি গাঞ্জা। লগতে আৰক্ষীয়ে এজন গাঞ্জা ব্যৱসায়ীকো আটক কৰিবলৈ সক্ষম হৈছে।
জিলাখনত চলোৱা আন এক অভিযানত আৰক্ষীয়ে ৪টাকৈ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে ব্যৱসায়ীকেইটাৰ পৰা ১.৯৩ গ্ৰাম হেৰ’ইন, ৫১০ টা নিচাজাতীয় টেবলেট, ২.৩০কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
আনহাতে বোকাজানতো আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলাক। অসম-নাগালেণ্ড সীমান্তৰ তালাচী চকীত কৰ্তব্যৰত আৰক্ষী জোৱানৰ এগৰাকী মহিলাৰ চাল চলনত সন্দেহ ওপজাত উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে।
ঘটনাৰ বিষয়ে অৱগত হৈ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ হাতত লৈ অহা প্লাষ্টিকৰ মোনাটোত তালাচী চলাই জব্দ কৰে ১৪৮ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ।
১২ টা চাবোনৰ বাকচত লুকুৱাই মহিলা গৰাকীয়ে লুকুৱাই আনিছিল ড্ৰাগছখিনি। ধৃত মহিলাগৰাকী চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰ জিলাৰ পশ্চিম ধুবীনলা নিবাসী লংনিলা দেৱনাথ পুমেই বুলি চিনাক্ত কৰাৰ লগতে আৰক্ষীৰ প্ৰাথমিক সোধ-পোছত মহিলাগৰাকীয়ে জব্দ হোৱা অন্য এজন লোকক দিবলৈ অনা বুলি স্বীকাৰ কৰে।
আৰক্ষীয়ে লগে লগে এক অভিযান চলাই নিষিদ্ধ ড্ৰাগছখিনি সংগ্ৰহৰ বাবে অহা আন এটা সৰবৰাহকাৰীকো বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়হজানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো গোলাঘাট জিলাৰ সৰুপথাৰ থানাৰ অন্তৰ্গত দুই নং কৰিগাঁও নিবাসী ৰঞ্জিত গগৈ (৪৩) বুলি চিনাক্ত কৰা হৈছে।
ড্ৰাগছ সৰবৰাহকাৰীটোৰ সৈতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে এএছ-০৫-কিউ-০৪৮২ নম্বৰৰ এখন স্কুটিসহ নগদ এক লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে গোলকগঞ্জ, আগমনী, চাপৰ , ছাগলীয়াৰ বিভিন্ন অঞ্চলৰ পৰা আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২৫০০ লিটাৰ চুলাই মদ ধ্বংস কৰাৰ লগতে চুলাই মদৰ ঘাটি সমূহো উচ্ছেদ কৰে।