গুৱাহাটীঃ মহানগৰীত বৃহৎ পৰিমাণ নিষিদ্ধ ড্ৰাগছ জব্দ। মণিপুৰৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰি থকাৰ সময়তে জব্দ নিষিদ্ধ নিচাযুক্ত টেবলেটখিনি। ডাম্পাৰত গোপন চেম্বাৰ বনাই আনিছিল এক লাখ য়াবা টেবলেট। জব্দ কৰা টেবলেটখিনিৰ মূল্য প্ৰায় ৮কোটি।

আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যখিনি সৰবৰাহ কৰা মণিপুৰৰ ইছলাউদ্দীন, মহ: আবৈ, চলিল আহমেদ আৰু বিহাৰৰ আব্বাছ আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে।

নিচাযুক্ত দ্ৰব্যখিনি কঢ়িয়াই অনা ডাম্পাৰখনৰ নম্বৰ এম এন ০৬ জে ২১৩৬। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান।

লগতে পঢ়কঃমেঘালয়ত মানকাচৰৰ তিনি গৰু চোৰক গণ প্ৰহাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply