নিউজ ডেস্ক: ২০২১ চনৰ মে’ মাহৰ পৰা অসমত ৯০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

তেওঁ লগতে জনাই যে ২০২১ চনৰ মে’ মাহৰ পৰা ড্ৰাগছৰ ঘটনাৰ সৈতে জড়িত মুঠ ৬৮০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে বুলি মুখ্য মন্ত্ৰীয়ে কয়, “২০২১ চনৰ মে মাহৰ পৰা অসমত ৯০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু ৬,৮০০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।”

তেওঁ লগতে কয় যে ৰাজ্যখনক ড্ৰাগমুক্ত কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে আৰু অসম আৰক্ষীয়ে ৰাজ্যখনত অবৈধ ড্ৰাগছ ব্যৱসায়ৰ নেটৱৰ্কৰ বিৰুদ্ধে যুদ্ধ চলাই আছে।

ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে চলাই থকা অভিযানৰ ফলস্বৰূপে ৰাজ্যত আৰক্ষীয়ে কেইবা কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা বুলিও তেওঁ কয়।

লগতে পঢ়ক – নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ বন্ধৰ আছুৰ মানৱ শৃংখল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply