গুৱাহাটী : গড়চুক থানাত নিশা মাতাল যুৱতীৰ তাণ্ডৱ। হাতত সুৰাৰ বটল লৈ গড়চুক থানাত প্ৰৱেশ মাতাল যুৱতীৰ। সুৰাৰ ৰাগীত মাতাল যুৱতী গৰাকীয়ে নিশা পাহৰি গৈছিল নিজৰ ঠিকনা। কেব চালকে যুৱতী গৰাকীক লৈ আহে গড়চুক থানালৈ।
সোমবাৰে নিশা যুৱতী গৰাকীক কেব বুক কৰি দিছিল এজন অচিনাক্ত যুৱকে। পামহিৰ পৰা গনেশপাৰালৈ অচিনাক্ত যুৱকজনে কেব বুক কৰি দিছিল যুৱতী গৰাকীক। যুৱতী গৰাকীক কেব চালকজনে গণেশপাৰালৈ আনে যদিও যুৱতী গৰাকীয়ে পাহৰি যায় নিজৰ ঘৰৰ ঠিকনা।
লগতে পঢ়ক : সোণাৰিত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ আয়োজন
অৱশেষত উপায়হীন হৈ কেব চালকজনে যুৱতী গৰাকীক লৈ আহে গড়চুক থানালৈ। গড়চুক থানাত উপস্থিত হোৱাৰ পিছতে মাতাল যুৱতী গৰাকীয়ে আৰম্ভ কৰে তাণ্ডৱ। মুখত অশ্লীল গালি, হাতত সুৰাৰ বতল লৈ মাজনিশা পৰ্যন্ত থানা চৌহতদ
তাণ্ডৱ কৰে যুৱতী গৰাকীয়ে।