ডবকা : এইবাৰ বোৱাৰী নিৰ্যাতন নহয়, নিজ কন্যা আৰু জোৱাঁইক মানসিক নিৰ্যাতন চলাইছে পিতৃয়ে। পিতৃৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উঠাইছে নিজা কন্যাই। জানিবলৈ দিয়া মতে, আজিৰ পৰা প্ৰায় ৩ বছৰ মান পূৰ্বে সম্পূর্ণ সামাজিক ৰীতিনীতি মতে মোৰাঝাৰ থানাৰ অন্তৰ্গত জয়নগৰ সিঙ্গিৰপাৰ গাঁৱৰ আব্দুল বাছিৰৰ কন্যা ৰুমানা বেগমৰ বিবাহ হৈছিল ডবকা থানাৰ অন্তৰ্গত ডবকা পাথাৰৰ আৰজান আলীৰ পুত্ৰ আমিৰ উদ্দিনৰ লগত।

আমিৰ আৰু ৰুমানাৰ এটি কণ্যা সন্তানো আছে। বিৱাহৰ পিছত আমিৰ ৰুমানাৰ বৈবাহিক জীৱন সুখেৰে পাৰ হৈছিল। আজিৰ পৰা কিছু দিন আগত ৰুমানাৰ সৰু ভনীয়েকৰ বিবাহৰ পিছৰে পৰা দুয়োটা পৰিয়ালৰ মাজত মনোমালিন্যৰ সৃষ্টি হয়। ইয়াৰ পিছৰে পৰা ৰুমানাৰ পিতৃ আব্দুল বাছিৰে আমিৰ আৰু আমিৰৰ পৰিয়ালক বিভিন্ন ভাবুকি দি অহাৰ লগতে ভুৱা গোচৰ আদি দি মানসিক হাৰাশাস্তি দিয়াৰ অভিযোগ উত্থাপন কৰিছে আব্দুল বাছিৰৰ নিজা কন্যাই।

লগতে পঢ়ক : অভিনেত্ৰী শ্যামন্তিকাৰ বিৰুদ্ধে কিয় তুলিলে গাৰ্হস্থ্য হিংসাৰ অভিযোগ

জোঁৱায়েক আমিৰ উদ্দিনেও তেওঁৰ লগতে তেওঁৰ পৰিয়ালক শহুৰৰ পৰিয়ালে যোৱা সময়চোৱাত যথেষ্ট হাৰাশাস্তি কৰি অহা বুলি মন্তব্য কৰে। কিন্তু এই সম্পৰ্কে ৰুমানাৰ পিতৃ গৃহৰ পৰিয়ালে সংবাদমাধ্যমৰ আগত একো কথাই কবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। বৰ্তমান সময়ত দুয়োটা পক্ষই আইনৰ আশ্ৰয় লৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply