গুৱাহাটীঃ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত অহা ২ আৰু ৩ মে’ত অসমত ড্ৰাই ডে’ ঘোষণা।

এই দিন দুটাত ড্ৰাই ডে’ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্যৰ আবকাৰী বিভাগে এই সন্দৰ্ভত সকলো জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিসকলৰ লগতে জিলাসমূহৰ আবকাৰী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

এই নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি, যিকেইখন জিলাত বিধানসভা সমষ্টিৰ ভোটগণনা তথা নিৰ্বাচনী ফলাফল ঘোষণা প্ৰক্ৰিয়া ৩ মে’ৰ আগবেলা ১১ বজাৰ পূৰ্বে সম্পূৰ্ণ হ’ব, সেই জিলাসমূহত ৩ মে’ৰ দিনা ড্ৰাই ডে’ৰ নিৰ্দেশনা প্ৰযোজ্য নহ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply