নিউজ ডেস্ক: হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা ৰাজ্যত আৰম্ভ হোৱা এনকাউণ্টাৰৰ ঘটনাক লৈ অৱশেষত ন্যায়ালয়ৰ ওচৰত জবাবদিহি হ’বলৈ বাধ্য হ’ল অসম চৰকাৰ।

অধিবক্তা আৰিফ জোৱাদ্দাৰে ৰুজু কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ প্ৰত্যুত্তৰত গৃহ বিভাগে মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালত এখন শপতনামা দাখিল কৰে।

চৰকাৰে দাখিল কৰা শপতনামাত সদৰী কৰা মতে বিগত বৰ্ষৰ ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা যোৱা ২৮ জানুৱাৰীলৈকে ৰাজ্যত আৰক্ষীৰ গুলীত ২৮ জন লোকে প্ৰাণ হেৰোৱাৰ লগতে ৭৩ জন লোক আহত হৈছে।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব অসীম কুমাৰ ভট্টচাৰ্য্যই স্বাক্ষৰ কৰা শপতনামাত আৰক্ষীৰ এনকাউণ্টাৰসমূহত সঠিক আইনগত ব্যৱস্থা পালন কৰা হৈছে বুলি উল্লেখ কৰে। শপতনামাত উল্লেখ দিয়া তথ্য মতে ২৭ খন জিলাত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে, ইয়াৰে কাৰ্বি আংলঙত সৰ্বাধিক ১০ জন লোক নিহত হোৱাৰ বিপৰীতে গুৱাহাটীত আহত হৈছে সৰ্বাধিক সংখ্যক (৯ গৰাকী) লোক।

উল্লেখযোগ্য যে আৰিফ জোৱাদ্দাৰে তেওঁ দাখিল কৰা গোচৰত ৰাজ্যত এই সময়ছোৱাত সময়ছোৱাত সংঘটিত এনকাউণ্টাৰৰ ঘটনাসমূহৰ ন্যায়ালয়ৰ তদাৰকত চি বি আই, এছ আই টি পৰ্য্যায়ৰ তদন্তৰ দাবী জনাইছে।

তেওঁ দাবী কৰা মতে ৰাজ্যত নতুন চৰকাৰৰ দিনত ৮০ টাতকৈ অধিক ‘ভুৱা এনকাউণ্টাৰ’ৰ ঘটনা সংঘটিত হৈছে যাৰ ফলত ২৮ জন লোকে প্ৰাণ হেৰোৱাৰ লগতে ৪৮ জন লোক আঘাতপ্ৰাপ্ত হৈছে।

চৰকাৰে শপতনামা দাখিল কৰাৰ পিছত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এনকাউণ্টাৰ সম্পৰ্কত থকা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ শুনানি অহা ১০ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়ে।

লগতে পঢ়ক – ৬মাৰ্চত ৰাজ্যত পৌৰসভা নিৰ্বাচন, ৯ মাৰ্চত ভোট গণনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply