দুলীয়াজান : অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ জেহাদ ঘোষণা। জিলাই জিলাই অসম আৰক্ষীয়ে তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত কেইবাগৰাকী অভিযুক্তক আটক কৰিছে।
ড্রাগছ সৰবৰাহ আৰু ব্যৱসায়ৰ লগত জড়িতসকলৰ বিৰুদ্ধে অসম আৰক্ষীৰ কঠোৰ পদক্ষেপৰ ফলৰ বৃহৎ সাফল্য লাভ কৰিছে অসম আৰক্ষীয়ে। দুলীয়াজান আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই পুনৰ লক্ষাধিক টকা বজাৰ মূল্যৰ ড্ৰাগছসহ পাঁচজনকৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে।
আৰু পঢ়কঃ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ কাষত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা
নামৰূপৰ উপ আৰক্ষী অধীক্ষক কুলপ্ৰদীপ ভট্টাচাৰ্য আৰু দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰূপজ্যোতি দত্তৰ নেতৃত্বত উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাসহ আৰক্ষী বাহিনী আৰু চি আৰ পি বাহিনীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত হেৰ’ইন আৰু গাঞ্জাসহ ১ লাখ ৮৮ হাজাৰ টকা নগদ ধন, ৫ টাকৈ ম’বাইল আৰু এখন এমএল-১০-বি-৮১০৪ নম্বৰযুক্ত বিলাসী বাহনো জব্দ কৰিছে। ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকাৰ অভিযোগত দুলীয়াজান আৰু ডিগবৈ অঞ্চলৰ পৰা মহিলাসহ ৫ জনকৈ অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।