গুৱাহাটী : ৰাজ্যৰ উদ্যোগ বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক, প্ৰাক্তন খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক দুৰ্গা প্ৰসাদ বৰাৰ সোমবাৰে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত গুৱাহাটীৰ শিলপুখুৰী নিবাসী দুৰ্গা প্ৰসাদ বৰাৰ বয়স ৯৪ বছৰ হৈছিল আৰু তেওঁ পত্নী অনু বৰাৰ লগতে ৩ গৰাকী কন্যা এৰি গৈছে।

যাদৱপুৰ ইঞ্জিনীয়াৰিং কলেজৰ স্নাতক দুৰ্গা প্ৰসাদ বৰাই উদ্যোগ বিভাগৰ বিভিন্ন প্ৰকল্প ৰূপায়ণত অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল। প্ৰাক্তন টেনিছ, বেডমিণ্টন, গ’ল্ফ খেলুৱৈ দুৰ্গা প্ৰসাদ বৰা অসম টেনিছ সন্থাৰ একেৰাহে ১৬ বছৰ ধৰি সভাপতিৰ দায়িত্বত আছিল। কটন কলেজৰ ক্ৰিকেট দলৰ অধিনায়ক ৰূপে ক্ৰিকেট খেলা দুৰ্গা প্ৰসাদ বৰা দুবছৰ অসমৰ বেডমিণ্টন চেম্পিয়ন আছিল। পৰৱৰ্তী সময়ত গ’ল্ফ খেলুৱৈ ৰূপেও তেওঁ সুনাম আৰ্জিছিল। দুৰ্গা প্ৰসাদ বৰাই গুৱাহাটীৰ প্রতিষ্ঠিত ইণ্ডিয়া ক্লাব আৰু গুৱাহাটী ক্লাবৰো প্ৰাক্তন সভাপতি আছিল।

লগতে পঢ়ক : কামপুৰত ধৰ্ষণৰ চেষ্টা, আৰক্ষীৰ অভিযুক্তক ৰক্ষনাবেক্ষনৰ চেষ্টা

বন্যপ্ৰাণী সংৰক্ষণতো সক্ৰিয় ভূমিকা লোৱা দুৰ্গা প্ৰসাদ বৰাই কাজিৰঙা ৱাইল্ড লাইফ ছোচাইটীৰো ছবছৰ ধৰি সভাপতিৰ দায়িত্ব বহন কৰিছিল। সমাজ হিতৈষী বৰাৰ মৃত্যুত অসম টেনিছ সন্থা, গুৱাহাটী লন টেনিছ সন্থা, কাজিৰঙা ৱাইল্ড লাইফ ছোচাইটী, ইণ্ডিয়া ক্লাব, গুৱাহাটী ক্লাব আদি সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply