ছায়গাঁও : মহানৱমী পূজাৰ দিনা লোকে লোকাৰণ্য হৈ পৰে ছয়গাঁৱৰ ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয়৷ নৱমী পূজাৰ বিয়লি হোৱা হেঙাৰ ভঙা চাবলৈ গোট খায় হেজাৰ হেজাৰ ভক্ত। বিয়লিৰ পৰা বিৰ দি বাট নোপোৱা অবস্থা হয় চণ্ডিকা দেৱালয়লৈ যোৱা পথ ছোৱাত৷
উল্লেখযোগ্য যে বিশেষকৈ নৱমী পূজাৰ দিনা বিয়লি চণ্ডিকা দেৱালয়ত দলিযুঁজ আৰু হেঙাৰভঙা যুঁজ চাবলৈ ধৰ্মপ্ৰাণ ৰাইজে ভিৰ কৰেহি চণ্ডিকা দেৱালয়ৰ দুৰ্গোৎসৱত। লোক বিশ্বাস অনুসৰি পৰম্পৰাগত পূজা অৰ্চনাৰ পিছত নৱমীৰ সন্ধিয়া দেৱীয়ে হেঙাৰ ভাঙি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে।
লোকবিশ্বাস মতে দেৱীয়ে স্বামী মহাদেৱক নজনোৱাকৈয়ে পূজাৰ কেইদিন মন্দিৰৰ পৰা ওলাই গৈ বিভিন্ন স্থানত ছাগলী, হাঁহ, পাৰ আদিৰ বলি খাই ঘূৰি ফুৰে। পিছত নৱমী পূজাৰ সন্ধিয়া দেৱীয়ে মন্দিৰৰ চৌহদ পাঁচবাৰ প্ৰদক্ষিণ কৰে। দেৱীয়ে মন্দিৰ প্ৰদক্ষিণ কৰা সময়তে দেৱীভক্ত আৰু মহাদেৱৰ ভক্ত সকলৰ মাজত কলপটুৱা দলিয়াই দুয়োপক্ষই যুঁজ আৰম্ভ কৰে।
যিটোক দলিযুঁজ বুলি কয়।
দলিযুঁজত দেৱীপক্ষই জয়লাভ কৰাৰ পিছত দেৱীয়ে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ আগবাঢ়ে। কিন্তু স্বামীক নজনোৱকৈ মন্দিৰৰ পৰা ওলাই যোৱাত ক্ষুণ্ণ হৈ মহাদেৱে বাঁহৰ হেঙাৰ দি দুৱাৰ বন্ধ কৰি দিয়ে। পিছে দেৱীও হেঙাৰ ভাঙি হ’লেও মন্দিৰত প্ৰৱেশ কৰিবলৈ জেদ ধৰে। তেনে সময়তে ভক্ত সকলে দেৱীক সহায় কৰিবলৈ আগবাঢ়ি আহে। তেতিয়া দেৱীৰ ভক্ত সকল আৰু মহাদেৱৰ ভক্ত সকলৰ মাজত বাঁহৰ হেঙাৰডালক লৈ টনা আজোৰা অৰম্ভ হয় আৰু ইয়াকে হেঙাৰ ভঙা যুঁজ বুলি কয়।
লগতে পঢ়ক : ৰাণী নৰহৰ চাহ বাগিচাত মহিলা শ্রমিকৰ উত্তাল প্ৰতিবাদ
দুয়োপক্ষৰ মাজত কিছুসময় যুঁজ বাগৰ হোৱাৰ পিছত হেঙাৰডাল ভাঙে আৰু তেতিয়া দেৱী মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। এই দলিযুঁজ আৰু হেঙাৰ ভঙা যুঁজত মাছমৰীয়া লোকৰ বসতিপ্ৰধান কুকুমাৰা ৰাইজ আৰু গোঁসানীমঠ ৰাইজে অংশগ্ৰহণ কৰে। নৱমী পূজাৰ দিনা এই দলিযুঁজ আৰু হেঙাৰ ভঙা যুঁজ উপভোগ কৰি চণ্ডিকা দেৱালয়ত ভক্তসকল আনন্দত মতলীয়া হৈ পৰে।