হাটশিঙিমাৰীত : আজি মহাঅষ্টমী। ঢাক-ঢোল আৰু দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ চৌদিশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ চাৰিখন থানা এলেকাত এইবাৰ মুঠ ৪২ টা স্থানত ক’ভিড প্ৰট’কলৰ সকলো নীতি নিৰ্দেশনা মানি দুৰ্গা পূজাৰ ব্যাপক আয়োজন কৰা হৈছে। জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষী চাউনীতো জিলা আৰক্ষীয়ে কেন্দ্ৰীয়ভাৱে আৰক্ষী বিষয়াৰ সকলৰ পূজাৰ বাবে দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে আৰক্ষী চকীৰ ছাউনীত অস্থায়ীভাৱে নিৰ্মাণ কৰা দুৰ্গা মণ্ডপত জিলা আৰক্ষী অধীক্ষক, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক তথা একাংশ থানাৰ আৰক্ষী বিষয়া সকলে নিজৰ নিজৰ পৰিয়ালৰ লগত পুজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। মহাসপ্তামীৰ পিছত আজি মহাঅষ্টমীৰ দিনাও আৰক্ষী বিষয়া সকলে ক’ভিড প্ৰট’কল মানি পূজা অৰ্চনা কৰাৰ লগতে দেৱীক অঞ্জলি প্ৰদান কৰে। আনহাতে কৰ্তব্যৰ খাতিৰত নিজৰ ঘৰৰ পৰা অন্য জিলাত আহি জনতাক সুৰক্ষা আৰু নিৰাপত্তা দিয়াৰ কামত ব্যস্ত থকা আৰক্ষী বিষয়া সকলে এই আৰক্ষী চকীতে পূজা অৰ্চনা কৰি সন্তষ্ট বুলি প্ৰকাশ কৰাৰ লগতে বিশ্বক ক’ভিড মুক্ত কৰাৰ বাবে দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰা বুলি সুদীপ চৌধুৰী নামৰ এগৰাকী আৰক্ষী বিষয়াই প্ৰকাশ কৰে।
জিলাখনৰ মানকাচৰ থানা এলেকাত মুঠ ১৭ টা দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰাৰ লগতে সুখচৰ থানা এলেকাত ৫ টা, দক্ষিণ শালমাৰা থানা এলেকাত ৩ টা আৰু ফকিৰগঞ্জ থানা এলেকাত ৫ টা স্থানত দুৰ্গা পূজাৰ মণ্ডৱ নিৰ্মাণ কৰা হৈছে। একেদৰে জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনত ৪ টা আৰু কালাপানী আৰক্ষী চকী এলেকাত ৮ টাসহ জিলাখনত মুঠ ৪২ টা স্থানত এইবাৰ পূজাৰ আয়োজন কৰা হৈছে।
লগতে পঢ়ক : ভাৰত-ভূটান সীমান্তত ২০০কেজি গুলী-বাৰুদ অৱশিষ্ট উদ্ধাৰ, ২জনক আটক
দুৰ্গা পূজাৰ বাবে বিশেষকৈ মানকাচৰ চহৰত এতিয়া উলহ-মালহ পৰিৱেশৰ সৃষ্টি হৈছে। মানকাচৰ চহৰৰ লগতে অসম-মেঘালয় সীমান্তৱৰ্তী এলেকা সমূহতো উভয় ৰাজ্যৰ লোক সকলে পূজাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অহা কালি অসম-মেঘালয় সীমান্তৱৰ্তী বৰকোনা কালী ধামত পুৱা ৮ বজাত কুমাৰী পূজাৰ আয়োজন কৰা হ’ব বুলি পূজা সমিতিয়ে জানিবলৈ দিছে।