ছয়গাঁৱৰ দুৰ্গাপূজা

ছয়গাঁও: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ছয়গাঁৱতে আজিৰে পৰা আৰম্ভ হৈছে দুৰ্গাপূজা। ছয়গাঁও ৰাসক্ষেত্ৰত আয়োজন কৰা দুৰ্গাপূজা ভাগক লৈ উচ্চাহ উদ্দীপনাই বিৰাজ কৰিছে ৷ এইবাৰ ছয়গাঁৱত শাৰদীয় দুৰ্গোৎসৱৰ বিশেষ আকৰ্ষণ হ’ব মহিসাসুৰৰ ৩৫ ফুট ওখ মুখা ।

প্ৰায় ১২ লাখ টকা বাজেটেৰে ক’ভিড প্ৰটকল মানি উদযাপন কৰিবলৈ লোৱা দুৰ্গাপূজাস্থলীৰ মূল গেটত সাজি উলিওৱা হৈছে মহিসাসুৰৰ এই প্ৰকাণ্ড মুখাখন । সপ্তমী পূজাৰ দিনা এই মুখা তথা পূজা মণ্ডপৰ মুখ্যদ্বাৰ উন্মোচন কৰিব বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহই ।

আনহাতে মঞ্চত পৰিবেশন কৰিবলগীয়া মানৱ মূৰ্তি উন্মোচন কৰিব ভিলেজ ৰকষ্টাৰৰ ৰীমা দাসে । পূজা উপলক্ষে প্ৰকাশ পাব লগীয়া বৰ্ষিক মুখপত্ৰ উন্মোচন কৰিব ছয়গাঁৱৰ চক্ৰ বিষয়া সৰোজ সোণোৱালে । মুঠতে ক’ভিড প্ৰটকলৰ মাজতো এইদৰে মহিসাসুৰৰ মূৰ্তিয়ে এতিয়াৰে পৰা আকৰ্ষিত কৰিছে ছয়গঞা ৰাইজক।

লগতে পঢ়ক-কাকপথাৰত সংবাদ মাধ্যমৰ নাম লৈ শিক্ষকক ধন দাবী চাৰি সাংবাদিকৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply