গুৱাহাটী: ক’ভিড সৃষ্ট পৰিবেশৰ মাজত পুজাৰ আয়োজন কৰিবলৈ চৰকাৰে নিৰ্দেশ যদিও আয়োজনৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱাৰ ইংগিত দিছে প্ৰশাসনে। কামৰূপ জিলাৰ পূজা সমিতিসমূহলৈ নিৰ্দেশনা কামৰূপ আৰক্ষীৰ। জিলা প্ৰশাসনৰ অনুমতি অবিহনে কামৰূপ জিলাত অনুষ্ঠিত হ’ব নোৱাৰিব দুৰ্গা পূজা।
পূজাস্থলীত মাদক দ্ৰৱ্য নিষিদ্ধ এলেকা ঘোষণা কৰিছে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে। পূজাস্থলীত চিচিটিভি সংস্থাপন কৰাটো বাধ্যতামূলক কৰা হৈছে।
এইবাৰ কোনো ৰাজহুৱা বাট-পথ বন্ধ কৰিব নোৱাৰিব পূজা সমিতিয়ে। নিশা ৯ বজাৰ ভিতৰতে সামৰিব লাগিব পূজাস্থলী। কোনো ধৰণৰ সাংষ্কৃতিক কাৰ্যসূচী আৰু মেলা অনুষ্ঠিত কৰিব নোৱাৰিব পূজা সমিতিয়ে। পূজাৰ আৰম্ভণি আৰু অন্তত পূজা আয়োজক সমিতিয়ে কৰিব লাগিব কোভিড পৰীক্ষা।
দৰ্শণাৰ্থী আৰু পূজা আয়োজকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। জিলা প্ৰশাসনৰ নিৰ্দেশ উলংঘন কৰা পূজা সমিতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে স্পষ্ট কৰিছে।
লগতে পঢ়কঃ পূজাৰ বজাৰৰ মাজতে সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড