সোণাৰি: আজি সপ্তমী। মহিষমৰ্দিনী দেৱী দূর্গাৰ বন্দনাৰে মুখৰিত হৈছে চৌদিশ। ৰাজ্যৰ আন ঠাইৰ লগতে সোণাৰিতো উদযাপন কৰা হৈছে দূৰ্গা পূজা । চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হৈছে পূজাৰ কাৰ্যসূচী।

চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ১৭ খন পূজা অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে। ইফালে কভিড সৃষ্ট পৰিৱেশৰ লগতে শাৰদীয় বতৰতো উৎকট গৰমে দহা বাবেই আজি সপ্তমীৰ দিনটোত দিনৰ ভাগত পূজাস্থলী সমূহত ভক্তৰ সমাগম কম হৈছে যদিও অষ্টমী আৰু নৱমী দিনা দেৱী দুৰ্গাৰ চৰণত সেৱা লবলৈ ভক্তৰ আগমণ ঘটিব বুলি আশা কৰিছে আয়োজকসকলে।

ইফালে সোণাৰিৰ অন্যতম পুৰণি ভক্তিস্থান হৰিসভাৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰেই জাকজমকতাৰ বিপৰীতে আধ্যাত্মিক ভাৱেই আয়োজন কৰা হৈছে দূর্গা পূজা। আনহাতে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছে দূৰ্গাপূজা। পূৱাৰ ভাগতেই যুৱ সমাজৰ সদস্যসকলে দেৱীৰ চৰণত সেৱা লোৱা পৰিলক্ষিত হয় আজিৰ দিনটোত।

লগতে পঢ়ক-জেলত থকা ৰাজকন্যাক আজি আকৌ গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply