টীয়কৰ মেলেংত ব্যতিক্ৰমী দুৰ্গাপূজাৰ আয়োজন

টীয়ক:আজি ষষ্ঠী।আজি বিয়লি প্ৰতিখন পূজা মণ্ডপত দেবী দূৰ্গাৰ প্ৰতিমা প্ৰতিষ্ঠাৰে আৰম্ভ হ’ল শাৰদীয় দুৰ্গাপুজা।তাৰ সমান্তৰালকৈ যোৰহাট জিলাৰ টীয়কৰ মেলেং লহকৰ গাঁৱত যোৱা বিশটা বছৰে উদযাপন কৰি অহা দূর্গা পূজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

গাঁও খনৰ এজন উদিয়মান যুৱক কৃষ্ণ প্ৰসাদ দত্তই নিজৰ ঘৰৰ চোতালত উদযাপন কৰি আহিছে এই পূজা। জীৱনৰ তিনিটা বসন্ত অতিক্ৰম কৰাৰ পৰাই কৃষ্ণ প্ৰসাদ দত্তই দূৰ্গাৰ মূৰ্তি সাজি নিজৰ ঘৰৰ চোতালত দূৰ্গা পূজা আয়োজন কৰি আহিছে ।

এইবাৰো তাৰ ব্যতিক্ৰম নহয় । নিজ হাতেৰে, কোনো চাক আদি ব্যৱহাৰ নকৰাকৈ নিজৰ শিল্প প্ৰতিভাৰে নিৰ্মাণ কৰা দূৰ্গা দেৱীক ষষ্ঠীৰ দিনা পূজাৰ বেদিত প্ৰতিষ্ঠা কৰি আধুনিক জাক জমকতাৰ পৰা আঁতৰি কেৱল আধ্যাত্মিকতাৰে নিজে পূজা পাৰ্ৱন আৰম্ভ কৰি সকলোৰে মংগল কামনা কৰিছে। এই ক্ষেত্ৰত সমগ্ৰ গাঁৱবাসীয়ে তেওঁক সহযোগিতা আগবঢ়াইছে ।

যুবকজনৰ উক্ত প্ৰতিভা যাতে আৰু উন্নত কৰিব পাৰে বা এই ভাস্কৰ্য শিল্পৰে যাতে যুৱকজনে জীৱন জীবিকাৰ সন্ধান কৰিব পাৰে তাৰ বাবে সহায় কৰিবলৈ সকলোৰে সহযোগিতা বিচাৰিছে পৰিয়ালৰ সদস্যই।

লগতে পঢ়ক-অসম মেঘালয় সীমান্তৰ দীঘলবিলত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ এজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply