নিউজ ডেস্কঃআজি মহাসপ্তমী। দেৱী বন্দনাৰে মুখৰিত চাৰিওদিশ। সকলো ওলাই আহিছে মহিষমৰ্দিনীক আৰাধনা কৰিবলৈ।
শেহতীয়াকৈ ৰাজ্যত কিছু উন্নত হৈছে কোভিড পৰিস্থিতি। পূজা কমিটি সমূহেও কোভিড সৃষ্ট পৰিবেশৰ মাজতেই চৰকাৰী SOP ৰ নিৰ্দেশ মতে শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰিছে ।
পূজা চাবলৈ আহোতে আপুনি মুখত মাস্ক পৰিধান কৰিব লাগিব। সম্পূৰ্ণ দুটা ভেকচিন লোৱা লোকেহে প্ৰৱেশ কৰিব পাৰিব মণ্ডপত।
যিকোনো দুগৰাকী দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক’ভিড বিধি অনুসৰি কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলীত যথেষ্ট ঠাই থাকিব লাগিব।
পূজা মণ্ডপ আহল বহল হ’ব লাগিব ৷ প্ৰৱেশ আৰু প্ৰস্থান বেলেগ হ’ব লাগিব ৷ পূজা মণ্ডপ সন্দেহজনক হ’লে জিলা প্ৰশাসনে টেষ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিব। পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ’বলৈ দিব নোৱাৰিব।
লগতে পঢ়কঃটীয়কত দুৰ্গাৰ প্ৰতিমা সাজি দুই দশক ধৰি পুজা পালন কৰিছে কৃষ্ণ প্ৰসাদ দত্তই
কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব। এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজামণ্ডপ/পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব।
ইতিহাস প্ৰসিদ্ধ ধৰ্মীয়স্থলত একেসময়তে ৬০জন ভক্তই কৰিব পাৰিব প্ৰৱেশ। অন্য ধৰ্মীয় স্থানত একেসময়তে ৪০জন লোকেহে কৰিব পাৰিব প্ৰৱেশ
প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুৰ্গাপূজা পালন কৰি অহা পূজা কমিটী/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক’ভিড প্ৰট’কলৰ বিষয়ে অৱগত কৰিব।
দশমীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক’ভিড পৰীক্ষা কৰাব লাগিব।