ৰাজৰ্ষি চহৰীয়া
আজি ষষ্ঠী। সমগ্ৰ দেশৰ লগতে অসমতো উলহ-মালহেৰে আজিৰ পৰা মা দুৰ্গাৰ আশীষ ল’বলৈ পূজাস্থলীলৈ ওলাই আহিছে ভক্তপ্ৰাণ ৰাইজ। এইবাৰৰ দুৰ্গাপূজাৰ ষষ্ঠ দিনৰ আৰম্ভণিৰ সময় আজি নিশা ১০.৩৮ বজাৰ পৰা আৰম্ভ কৰি ৫ অক্টোবৰ ১১.৯ বজাত দশম তিথিৰ অন্ত পৰিব।
ভাৰতৰ ভিতৰত পশ্চিমবংগ, অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাত দুৰ্গা পূজা সৰ্বাধিক জাকত জিলিকা হয়। অসমৰো বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰকাণ্ড প্ৰকাণ্ড পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে। কোৰোনা কালৰ পাছত এইবাৰৰ পূজাত দেৱী দুৰ্গাৰ আশীষ বিচাৰি অধিক লোক ওলায় আহিছে।
শাস্ত্ৰ মতে, আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত।
সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই ৫টা দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়।
উল্লেখ্য যে, মা দুৰ্গা দেৱীৰ ৯ বিধ ৰূপ আছে। শান্ত্ৰত বৰ্ণনা কৰা মতে, এই ৰূপ কেইটা ক্ৰমে- শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা, স্কন্দমাতা, কুষ্মাণ্ডা, কালৰাত্ৰি, কাত্যায়নী, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।
কিন্তু দুৰ্গাপূজাৰ সময়ত প্ৰায়ে যান-বাহন নিয়ম উলংঘা কৰা আৰু দুৰ্ঘটনাৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয়। একাংশই সুৰাপান কৰি নিজৰ লগতে পথত বাহন লৈ যোৱা সাধাৰণ লোকসকলৰ বাবেও বিপদ মাতি আনে।
ইয়াৰ প্ৰতি দৃষ্টি ৰাখিয়েই কামৰূপ মেট্ৰ’ৰ পৰিবহন বিষয়া গৌতম দাসে যান-বাহন আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। সেয়েহে আজি নিশা কোনো লোকে সুৰাপান কৰি বাহন নচলাব বুলি আমিও অনুৰোধ জনাইছো।
দুৰ্গা পূজাৰ সময়চোৱাত সুৰাপান কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহাৰ লগতে ড্ৰাইভিং লাইচেঞ্চখনো তিনিমাহৰ বাবে বাতিল কৰা হ’ব বুলি কয় ডিটিঅ’ গৌতম দাসে।
উল্লেখ্য যে, বিগত চাৰি মাহত ৪৮৬টা পথ দুৰ্ঘটনাত সংঘটিত হৈছে আৰু গুৱাহাটী মহানগৰীত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্টলৈকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে প্ৰায় ১৪৫ জন লোকে। তদুপৰি দুচকীয়া বাহনত চালক আৰু পিছৰ ছীটত বহা আৰোহীগৰাকীয়ে হেলমেট পৰিধান কৰাতো বাধ্যতামূলক।
ইফালে, পাৰ্কিঙৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশ দিছে যান-বাহন আৰক্ষীৰ উপায়ুক্ত হিৰণ্য কুমাৰ বৰ্মনে। তেওঁ কয় যে- চাৰিচকীয়া বাহনবোৰ কেৱল মহানগৰ আৰক্ষীয়ে নিৰ্ধাৰিত কৰি দিয়া পাৰ্কিং স্থানতহে ৰাখিব লাগিব। তদুপৰি যদি ভুল ছাইডত বাহন চলাই তেন্তে জৰিমনা বিহা হ’ব।
যান-বাহন চলোৱা, পাৰ্কিঙৰ লগতে পূজা মণ্ডপসমূহৰ সন্দৰ্ভতো বিশেষ নিৰ্দেশ প্ৰদান কৰা হৈছে। অতিৰিক্ত উপায়ুক্ত ধ্ৰুবজ্যোতি বৰুৱাই পূজা কমিটীসমূহক এপিডিচিএল আৰু পিডব্লিউডিৰ পৰা এনঅ’চি অৰ্থাৎ অনাপত্তি প্ৰমাণপত্ৰৰ বাবে আৱেদন কৰিবলৈও নিৰ্দেশ দিছে। লগতে সকলো পূজা মণ্ডপত চিচিটিভি স্থাপন কৰিব লাগিব।
উল্লেখ কৰাৰ প্ৰয়োজন যে- এইবাৰ পাণ্ডু ঘাটত দেৱী মাৰ মূৰ্তি বিসৰ্জনৰ অনুমতি দিয়া হোৱা নাই। বেটকুচি, বশিষ্ঠ, চূনচালী ঘাটতহে বিসৰ্জনৰ অনুমতি প্ৰদান কৰা হৈছে।
আজিৰ পৰা সকলোৱে উলহ মালহেৰে দুৰ্গোৎসৱ পালন কৰিবলৈ সাজু হৈছে। কিন্তু তাৰ মাজতে দুৰ্ঘটনা পতিত নোহোৱাৰ বাবে আৰু ভক্তপ্ৰাণ ৰাইজে কোনো অসুবিধা নোপোৱাৰ বাবে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসনো।