গুৱাহাটী : আজিৰ পৰা আৰম্ভ হৈছে ২০২২ বর্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা। ২০২১ বর্ষত কভিড মহামাৰীৰ বাবে হাই স্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা হোৱা নাছিল, গতিকে এইবাৰ ২০২১ বর্ষৰ প্ৰশ্ন কাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। পুৰণি প্ৰশ্ন কাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰাকলৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছিল ৰাইজৰ ধন অপচয় নকৰাৰ বাবে পুৰণি প্ৰশ্ন কাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যকলৈ দুৰ্নীতি বিৰোধী যুৱশক্তিয়ে মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে গৰিহণা দিছে। দুৰ্নীতি বিৰোধী যুৱশক্তিৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এই সংবাদ মেল অনুষ্ঠিত কৰি কয় মুখ্যমন্ত্ৰীয়ে ৰাইজৰ ধন অপচয় নোহোৱাৰ বাবে পুৰণি প্ৰশ্ন কাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰিছে কিন্তু মুখ্যমন্ত্ৰীয়ে ৰাইজৰ ধনেৰে হেলিকপ্টাৰ বিয়া খাবলৈ যাব পাৰে। দুৰ্নীতি বিৰোধী যুৱশক্তিৰ সভাপতি গৰাকীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক আক্ৰমণ চলাই কয় যে মাজুলীৰ উপ নিৰ্বাচন আৰু পৌৰসভাৰ নিৰ্বাচনত কিয় হেলিকপ্টাৰ ব্যৱহাৰ কৰা হ’ল।

ইফালে গৃহৰক্ষী জোৱানক সকলে চাকৰি নিয়ামীয়াকাৰণ আৰু মজুৰি বৃদ্ধিক লৈ চলাই থকা ধাৰাবাহিক আন্দোলনৰ সমৰ্থনত দুৰ্নীতি বিৰোধী যুৱশক্তিৰ সভাপতি গৰাকীয়ে চৰকাৰৰখনক তীব্ৰ সমালোচনা কৰি কয় যে ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে এতিয়া গৃহৰক্ষী সকলৰ ভাত কাঢ়ি নিয়াৰ চেষ্টা চলাইছে। দেশৰ অন্যান্য প্ৰান্তৰ গৃহৰক্ষী জোৱান সকলৰ তুলনাত অসমৰ গৃহৰক্ষী জোৱান সকল অধিক বঞ্চিত।

১ লাখ চাকৰি দিয়াৰ কথা কোৱা চৰকাৰখনে ৫ গৃহৰক্ষী জোৱানৰ চাকৰি কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ পৰা স্পষ্ট হৈছে যে এই চৰকাৰখনৰ ভঁৰাল উদং হৈছে। এই চৰকাৰখন তালি টোপোলা মাৰি চলি আছে বুলিও কয় দুৰ্নীতি বিৰোধী যুৱশক্তিৰ সভাপতি গৰাকীয়ে। ইফালে চৰকাৰখন ৰাজ্যত দুৰ্নীতি নিয়ন্ত্ৰণ ক্ষেত্ৰতো বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে দুৰ্নীতি বিৰোধী যুৱশক্তিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply