গুৱাহাটীঃ অনলাইন শিক্ষাত ছাত্ৰ ছাত্ৰীক জড়িত কৰি অভিযোজিত কৰোৱাটো এক প্ৰত্যাহ্বান।
পৰম্পৰাগত শ্ৰেণীসমূহতকৈ অনলাইন শ্ৰেণীকোঠাত শিক্ষকে অধিক শিক্ষণ কৌশল প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰীক পাঠৰ সৈতে একাত্ম কৰিব পাৰিলে বেছি ফলপ্ৰসূ হ’ব।
‘গুৰুবাৰ্তা’ শীৰ্ষক অনলাইন আলোচনীৰ দ্বিতীয়টো সংখ্যা উন্মোচনী অনুষ্ঠানত ‘Trends of distance education in the digital age’ শীৰ্ষক বিষয়ত আগবঢ়োৱা ভাষণত এই মন্তব্য প্ৰদান কৰিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কন্দৰ্প দাসে।
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ আৰু সমগ্ৰ শিক্ষা কামৰূপৰ যৌথ উদ্যোগত প্ৰকাশিত আলোচনীখনৰ উন্মোচনী অনুষ্ঠানত জিলাখনৰ শিক্ষক সমাজক সম্বোধি দিয়া অনলাইন ভাষণত তেওঁ কয় যে বৰ্তমান ছাত্ৰ ছাত্ৰীৰ মানসিক দিশৰ প্ৰতিও শিক্ষকসকলে অধিক গুৰুত্ব আৰোপ কৰাৰ সময়।
আৰু পঢ়কঃমুগা পলু পালন কৰি এশটা পৰিয়ালে দেখিছে উপাৰ্জনৰ সপোন
ডিজিটেল ডিভাইদৰ বাবে বঞ্চিত ছাত্ৰ ছাত্ৰীক বিকল্প পাঠদানৰ ব্যৱস্থা কৰিব লাগিব। ডায়েট কামৰূপৰ অধ্যক্ষা ড° পংকজা বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটোত গুৰুবাৰ্তা আলোচনীখনৰ বিষয়ে সবিশেষ জনাই জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই।
গুৰুবাৰ্তাৰ মুখ্য সম্পাদক ড° শিৰোমণি ভূঞাই আঁত ধৰা এই ভাৰ্চুৱেল উন্মোচনী অনুষ্ঠানটোত বিকল্প পাঠদানৰ বাবে কামৰূপ জিলাই গ্ৰহণ কৰা কিৰণ কাৰ্যসূচীৰ কথা অৱগত কৰে শিক্ষা বিষয়াগৰাকীয়ে।
‘গুৰুবাৰ্তা’ৰ তত্ত্বাৱধায়ক সংগীতা গোস্বামীয়ে জনাইছে যে আলোচনীখন www.gurubarta.com ৱেবছাইটত উপলব্ধ হোৱাৰ উপৰিও www.dietkamrupassam.in আৰু ssakamrup.co.in ৱেবছাইটতো সংলগ্ন কৰা হৈছে। এইক্ষেত্ৰত ৰাইজৰ সহাৰি কামনা কৰিছে সম্পাদনা সমিতি তথা কামৰূপৰ শিক্ষক সমাজে।