গুৱাহাটী: ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি গুৱাহাটীত আয়োজিত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি ‘প্ৰত্যাহ্বান’ নামেৰে এখনি ই-বাৰ্তালোচনী উন্মোচন কৰা হয়৷ ডিজিটেল বাৰ্তালোচনীখন কম্পিউটাৰৰ বুটাম টিপি উন্মোচন কৰে বিশিষ্ঠ কথাশিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুবজ্যোতি বৰাই৷ শ্বহীত ৰঞ্জিত বৰপূজাৰীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পনেৰে সভাৰ শুভাৰম্ভণি কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ অসমৰ বিশিষ্ঠ ছলচিত্ৰ পৰিচালক তথা অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজীব ভট্টাচাৰ্য্যই সম্পাদনা কৰা সাপ্তাহিক ই-বাৰ্তালোচনীখন ইন্টাৰনেটত www.pratyahban.in ৱেবছাইটত উপলব্ধ হ’ব৷
জি এছ ৰোডৰ বৰা ছাৰ্ভিছস্থিত বৰাজ ইন হোটেলত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি ই-আলোচনীখনৰ সম্পাদক ৰাজীৱ ভট্টাচাৰ্যই কয় যে “অসমীয়া আমাৰ প্ৰথম পৰিচয়৷ অসম যিহেতু ভাৰতৰ অঙ্গৰাজ্য, সেয়ে একোগৰাকী ভাৰতীয় হিচাপেও আমি গৌৰবান্বিত কাৰণ ভাৰতৰ সংবিধানে সকলো ৰাজ্য, সকলো জাতি-জনগোষ্ঠী আৰু ভাষাভাষী লোকক স্বকীয় পৰিচয় অক্ষুন্ন ৰখাৰ অধিকাৰ আৰু স্বাধীনতা দিছে৷ “
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে তেওঁৰ ভাষণত কয় যে “অসমীয়া এটা ভাষা ভিত্তিক জাতি৷ নানা ধৰ্ম আৰু জনগোষ্ঠীৰ লোকক অসমীয়া ভাষাই একতাৰ ডোলেৰে বান্ধিছে আৰু সেই সূত্ৰে বৃহত্তৰ অসমীয়া জাতি গঠিত হৈছে৷ কিন্তু অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত বাহিৰা আগ্ৰাসন বৃটিছৰ দিনৰে পৰাই চলি আহিছে৷ সম্প্ৰতি অসমীয়া ভাষাৰ সমান্তৰালকৈ অসমৰ অন্য থলুৱা ভাষা-সংস্কৃতিৰ ওপৰতো বাহিৰা শক্তিৰ আগ্ৰাসী দৃষ্টি পৰিছে৷ জাতি হিচাপে জীয়াই থাকিবলৈ হ’লে আমি অসমীয়া তথা অন্য থলুৱা ভাষা-সংস্কৃতি সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবই লাগিব৷ অসমীয়া ভাষাৰ ওপৰত চলা ভাষিক আৰু ৰাজনৈতিক আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ হ’লে ৰাজ্য ভাষা আইনৰ যথোপযুক্ত প্ৰয়োগ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো খণ্ডৰ বিদ্যালয়সমূহত অসমীয়া ভাষাক এটা বাধ্যতামূলক ভাষা হিচাপে শিক্ষা প্ৰদানৰ ব্যৱস্থা অধিক কটকটীয়াকৈ প্ৰয়োগৰ ব্যৱস্থা কৰিব লাগিব৷”
উন্মোচক ডাঃ ধ্ৰুবজ্যোতি গগৈয়ে নিজৰ ভাষণত কয় যে যিদিনাই ভাষাৰ ভিত্তিত ৰাজ্য প্ৰতিষ্ঠা হৈছিল, সেই দিনাই চৰকাৰে অসমীয়াক ৰাজ্যভাষা হিচাপে ঘোষণা কৰিব লাগিছিল৷ অসমীয়া অসম ৰাজ্যৰ সৰ্ববৃহৎ ভাষা হোৱা স্বত্বেও অসমীয়াক ৰাজ্যভাষা হিচাপে স্বীকৃত কৰোৱাৰ দাবীত অসমীয়া মানুহে আন্দোলন কৰিবলগীয়া হৈছিল আৰু কেইবাগৰাকী অসমীয়াই শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল৷
আমাৰ এই দুৰ্বলতাক আনৰ ওপৰত জাপি দি আনে আমাক আগ্ৰাসন কৰিছে বুলি কৈ আমি আমাৰ দুৰ্বলতা আৰু দৈন্যতাক ঢাকি ৰাখিব খুজোঁ৷ তাৰ সলনি ভাষা-সংস্কৃতিৰ শ্ৰীবৃদ্ধিৰ হকে অধিক সক্ৰিয়তাৰে কাম কৰি গৈ থাকিলে আনৰ ষড়যন্ত্ৰ হেলাৰঙে উফৰিব৷ অৱশ্যে এই ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছাৰো প্ৰয়োজন বুলিও ডাঃ বৰাই এক তাৎপৰ্যপূৰ্ণ মত ব্যক্ত কৰে৷ আজিৰ সভাখনত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞায়ো ভাষণ দিয়ে৷
উল্লেখযোগ্য যে আজি উন্মোচিত হোৱা ই-বাৰ্তালোচনীখনৰ প্ৰতিটো নিবন্ধ বা বাতৰিত ‘ভইচ ট্ৰেন্সফ্ৰমেচন’ ব্যৱস্থাৰে বাণীবদ্ধ কৰা হৈছে যাতে পাঠকে আখৰখিনি পঢ়িব নিবিচাৰিলেও সেয়া বাণীবদ্ধ আকাৰে শুনিবও পাৰে৷ অসমীয়া ভাষাত এনে ই-বাৰ্তালোচনী এইখনেই প্ৰথম বুলি সম্পাদক ভট্টাচাৰ্য্য প্ৰকাশ কৰে৷
লগতে পঢ়ক মৰিগাৱত কিশোৰীৰ ৰহস্যজনক আত্মহনন